অসুস্থ হৈ পৰিছে হাৰ্টথ্ৰৱ জুৱিন গাৰ্গ, ডিব্ৰুগড় সঞ্জীৱনী হস্পিতালৰ আই চি ইউত ভৰ্তি

Share

গুৱাহাটী, ২০ জুলাইঃ অসুস্থ হৈ পৰিছে কন্ঠশিল্পী জুৱিন গাৰ্গ। বৰ্তমান ডিব্ৰুগড় সঞ্জীৱনী হস্পিতালৰ আই চি ইউত ভৰ্তি হৈ আছে জুৱিন গাৰ্গ। বাথৰুমত পিছলি পৰি মূৰত আঘাত প্ৰাপ্ত হৈছে কন্ঠশিল্পীগৰাকী।

ডিব্ৰুগড়ৰ মনোহৰী ৰিজ’ৰ্টত আছিল জুৱিন। মংগলবাৰে ৰিজ’ৰ্টত আঘাতপ্ৰাপ্ত হৈছে জুৱিন গাৰ্গ। বৰ্তমান শিল্পীগৰাকী সুস্থিৰ যদিও তেওঁৰ মূৰত ৫টাকৈ চিলাই পৰিছে।

জুৱিন গাৰ্গৰ অসুস্থ খৱৰ পাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিল্পীগৰাকীৰ উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ উপায়ুক্তক তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুৱিন গাৰ্গৰ স্বাস্থ্য চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ নিয়াৰ ব্যৱস্থা কৰিব।

 

Leave a Reply

Your email address will not be published. Required fields are marked *