হৃদয়বিদাৰক! শিৱসাগৰত একেদিনাই ২৫ টাকৈ শগুণৰ মৃত্যু

Share

‘শগুন’ সংৰক্ষণ কৰাৰ বাবে বিভিন্ন চৰকাৰী সংস্থা আৰু প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে প্ৰচেষ্ঠা চলাই থকাৰ মাজতে পুনৰ অস্বাভাৱিকভাৱে মৃত্যু ঘটিল ২৫ টাকৈ বিৰল প্ৰজাতিৰ শগুনৰ।

জানিব পৰা মতে, শিৱসাগৰত গৰুৰ মৰাশ ভক্ষণ কৰি ২৫ টাকৈ হিমালয়ান গ্রিফন আৰু হোৱাইট বেক প্ৰজাতিৰ শগুনৰ মৃত্যু ঘটে।ইয়াৰ উপৰি আন ৯ টাকৈ শগুন বিষক্ৰিয়াত আক্ৰান্ত হৈ যন্ত্ৰণাত চটফটাই আছে।শিৱসাগৰৰ সমীপৱৰ্তী চিতলীয়া নাওজান বিলৰপাৰত বিষাক্ত কীটনাশক দ্ৰব্য খাই মৃত্যু হোৱা গৰুৰ মৰাশ ভক্ষণ কৰিছিল শগুণৰ জাকটোৱে।

সােমবাৰে পুৱা একাংশ ব্যক্তিয়ে উক্ত গৰু আৰু ম’হৰ মৰাশ পৰি থকা স্থানৰ সমীপতেই বহুসংখ্যক শগুন অতি সংকটজনক অৱস্থাত ছটফটাই থকা প্ৰত্যক্ষ কৰে ।ঘটনাৰ খবৰ পােৱাৰ পিছতে  পশু চিকিৎসকক লৈ বন বিভাগৰ দল এটা ঘটনাস্থলীত উপস্থিত হয়।আৰু দলটোৱে তাৎক্ষণিকভাৱে ঘটনাস্থলীৰ পৰা ৯ টা অতি অসুস্থ অৱস্থাত ছটফটাই থকা শগুন উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা চৰগুৱাস্থিত বিশেষ চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰে। ইয়াৰ পাচতেই দলটোৱে মুঠ ২৫ টা মৃত শগুনৰ শ উদ্ধাৰ কৰে পথাৰখনৰ পৰা ।বন বিভাগৰ দলটোৱে নিয়ম অনুসৰি পশু চিকিৎসকৰ সহায়ত আটাইকেইটা মৃত শগুনৰ মৰাশ, মৰণোত্তৰ পৰীক্ষা কৰি সমাধিস্থ কৰাৰ ব্যৱস্থা কৰে। ইতিমধ্যে বন বিভাগে বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *