সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ সোমবাৰে দেশৰ নিৰ্বাচন আয়োগে গ্ৰহণ কৰিলে শুনানি।শুনানিক শাসকীয় পক্ষই জনালে আদৰণি আৰু বিৰোধীয়ে কৰিলে বিৰোধিতা।সমষ্টি পুনৰ নিৰ্ধাৰণত কোকৰাঝাৰ জিলাৰ লোকসভা জনজাতিৰ বাবে মৰ্যাদা নাথাকিব আৰু লখিমপুৰ জিলাত লোকসভা জনজাতিৰ বাবে আসন সংৰক্ষিত হ’ব বুলি নিৰ্বাচন আয়োগে জনায়।কিন্তু শাসকীয় বিজেপি চৰকাৰ আৰু UPLএ কোকৰাঝাৰ জিলাত জনজাতিৰ বাবে আসন সংৰক্ষিত থাকিব লাগে বুলি দাবী কৰে।
আনহাতে,উজনি আৰু নামনিৰ জনসংখ্যাৰ তাৰতম্যৰ বাবে নামনিত বাঢ়িব নোৱাৰিব সমষ্টিৰ সংখ্যা আৰু উজনিত কমিব নোৱাৰিব সমষ্টিৰ সংখ্যা বুলি দাবী কৰে অগপ আৰু বিজেপিয়ে।এই দুয়োটা ৰাজনৈতিক দলৰ দাবীক সমৰ্থন জনাই উজনি-নামনিৰ জনসংখ্যাৰ ভাৰসাম্যতাৰ ওপৰত নজৰ ৰাখি হোটেল ৰেডিশ্যন ব্লুত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে শুনানি গ্ৰহণ কৰিছে দেশৰ নিৰ্বাচন আয়োগে।
পুৱা ৯বজাৰ পৰা গ্ৰহণ কৰা শুনানিত ভাগ ললে তৃণমূল কংগ্ৰেছ,চি.পি.আই,এন.চি.পি,আপ,বিজেপি,অগপ আৰু বি.পি.এফ.আদি ৰাজনৈতিক দলে।ইয়াৰ বিপৰীতে দ্বিতীয়খন শুনানিত উপস্থিত থাকি অখিল গগৈ,লুৰিনজ্যোতি গগৈয়ে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বিৰেধিতা কৰে।সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ এইদৰেই বিভিন্ন ৰাজনৈতিক দলে পৃথকে পৃথকে নিজৰ মন্তব্য প্ৰকাশ কৰে।হয়তো নতুন পদ্ধতিৰে ২০২৪ চনৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।