সদনত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য

Share
কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা অনুসৰি আশাকৰ্মীসকলে জীৱন বীমা লাভ কৰিব । ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই  এই মন্তব্য কৰিছে।  বিধায়ক দিগন্ত বৰ্মণে আশাকৰ্মীসকলৰ  মানসিক লৈ সোধা এটা প্ৰশ্নৰ উত্তৰত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয় যে বৰ্তমান অসমৰ বিভিন্ন ঠাইত মুঠ ৩৩,৬৫৬ গৰাকী  আশা কৰ্মী নিয়োজিত হৈ আছে । তেওঁলোকৰ স্বেচ্ছাসেৱী হিছাপে নিয়োগ কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ  পৰা এগৰাকী আশাকৰ্মীক  প্ৰতিমাহে  ২০০০ টকা  আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা ১০০০ টকাৰ মাননি কৰা হয়। 
 
 ইয়াৰ উপৰি এগৰাকী আশাকৰ্মীক  তেওৰ কাৰ্য প্ৰদৰ্শনৰ ভিত্তিত প্ৰতিমাহে  উদগনিমূলক  মাননি প্ৰদান কৰা হয়। যাৰ বাবে প্ৰায় সংখ্যক  আশাকৰ্মীয়ে  মাহে ১০-১৫ হাজাৰ টকা লাভ কৰে বুলি সদৰি কৰে । সমান্তৰালভাৱে মন্ত্ৰীগৰাকীয়ে কয় যে আশাকৰ্মীসকলৰ বাবে মাননি বৃদ্ধিৰ বাবে কোনো ধৰণৰ নিৰ্দেশনা  বৰ্তমানলৈ  কেন্দ্ৰী. চৰকাৰৰ পৰা লাভ কৰা নাই। অন্য এটা প্ৰশ্নৰ উত্তৰত ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৰন্ধন কৰ্মীসকলৰ মজুৰিৰ কেন্দ্ৰীয়  অংশ  এহেজাৰ টকাৰ পৰা ১৫০০ টকালৈ বৃদ্ধি কৰিবলৈ ৰাজ্য চৰকাৰে প্ৰস্তাৱ দিয়ে বুলি  তেঁও কয়।

Leave a Reply

Your email address will not be published. Required fields are marked *