অসমৰ স্বাস্থ্যখণ্ডত অভিনৱ সংযোজন।গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত নতুনকৈ সংযোজন ঘটিল High fidelity simuletion skill lab ৰ, USAID RISE প্ৰকল্পৰ আৰ্থিক সহযোগিতাৰে নিৰ্মাণ কৰা এই High fidelity simuletion skill lab টিত চিকিৎসা বিজ্ঞানৰ শিৰ্ক্ষাথী, অধ্যাপক চিকিৎসক, নাৰ্ছ আৰু অন্যান্য সেৱাত কৰ্মৰত স্বাস্থ্যকৰ্মীসকলে শিক্ষণ আৰু প্ৰশিক্ষণ গ্ৰহণেৰে অভিজ্ঞতা আহৰণ কৰিব পাৰিব।
উল্লেখযোগ্য যে, চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডা০ অচ্যুৎ চন্দ্ৰ বৈশ্যৰ পৌৰহিত্যত বৃহস্পতিবাৰে জি এম চি এইচ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূুৰ্ণ পৰিৱেশত অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠানটি ।উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি High fidelity simuletion skill lab টি উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে USAID india ৰ উপ-সঞ্চালক ডা০ ৰুবেন স্বামীক্কান, জাপাইগ’ৰ দেশীয় সঞ্চালক ড০সৌমেশ কুমাৰ, গডৰেজৰ প্ৰৱন্ধক সন্দেশ বাড়োৱাকাৰ আৰু নুমলীগড় শোধানাগাৰৰ জ্যেষ্ঠ মুখ্য মহাপ্ৰবন্ধক নিকুঞ্জ বৰঠাকুৰ।
আনহাতে ,মন্ত্ৰী কেশৱ মহন্তই কয় যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰখনে অনাগত দিনত আৰু গঠনমূলক কাম- কাজ কৰি যাব।তাৰ বাবে লাগিব চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ সহযোগিতা ।
উল্লেখ্য যে, কোভিড মহামাৰীৰ সময়ছোৱাত গডৰেজ কোম্পানীয়ে চেনিটাইজাৰ উৎপাদন কৰি সকলো শ্ৰেণীৰ ৰাইজক উক্ত সময়ছোৱাত বিশেষভাৱে সহায় কৰিছিল।এই কথা উল্লেখ কৰি অধীক্ষক ডা০ অচ্যুৎ চন্দ্ৰ বৈশ্যই সংস্থাটিক কৃতজ্ঞতা জনাই।উক্ত অনুষ্ঠানটিত বিশিষ্ট অতিথিসকলৰ উপৰিও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ অধ্যাপক- অধ্যপিকা, ছাত্ৰ-ছাত্ৰী, নাৰ্চ তথা আন আন কৰ্মচাৰীসকল উপস্থিত থাকে ।অনুষ্ঠানৰ শেষত ৰাষ্ট্ৰীয় সংগীতেৰে উদ্বোধনী অনুষ্ঠানৰ সামৰণি পৰে।