তিনি বিশিষ্ট অসমীয়ালৈ অসম-বংগ বটাঁ

Share

কলকাতাৰ ঐতিহ্যমণ্ডিত ”অসম ছোচি’অ লিটাৰেৰী ক্লাবে” অসমৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়াইছে বিশেষ সন্মান। সংগীত জগতলৈ অৱদান আগবঢ়োৱা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গলৈ আগৱঢ়োৱা হৈছে ”এ এছ এল আইকন জাতীয় গৌৰৱ বটাঁ”। সাহিত্য আৰু সংবাদক্ষেত্ৰলৈ আগৱঢ়োৱা অৱদানৰ বাবে  অসমৰ জনপ্ৰিয় ঔপন্যাসিক, সাদিনৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীলৈ ”এ এছ এল সাহিত্যাৰ্ণৱ বঁটা” আৰু  সাংবাদিক তথা বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মালৈ নাট্য-সাধনা আৰু বাগ্মিতাৰ বাবে “এ এছ এল কথাসূৰ্য” বঁটাৰে সন্মানিত কৰা হ’ব বুলি অসম লিটাৰেৰী ক্লাবৰ সভাপতি প্ৰকাশ আচাৰ্যই জানিবলৈ দিছে।

উল্লেখযোগ্য যে, এ এছ এল ক্লাবৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপনৰ বাবে ক্লাবৰ তৰফৰ পৰা বাৰেৰহণীয়া কাৰ্যসূচী পালন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। আগন্তুক ১৯ আৰু ২০ মে’ত কলকাতাত ছল্টলেকস্থিত ই জেদ চি চি প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে ক্লাবৰ ডেৰশ বছৰীয়া জয়ন্তীৰ অনুষ্ঠান অনুষ্ঠিত হ’ব। এই উপলক্ষে ২০ মে’ তাৰিখে কলকাতাৰ ই জেদ চি চি প্ৰেক্ষাগৃহত বিশাল সংগীতানুষ্ঠানৰ আয়োজন কৰিছে আয়োজক সকলে। য’ত সংগীত পৰিৱেশন কৰিব অসমৰ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গে।

Leave a Reply

Your email address will not be published. Required fields are marked *