ঘন কুঁৱলীয়ে ঢাকি ৰাখিছে ৰাজধানী দিল্লী

Share

দিল্লী আৰু উত্তৰ ভাৰতৰ অন্য়ান্য় অঞ্চলত ঘন কুৱলীৰ পৰিস্তিয়ে আজি দৃশ্য়মানতা নুন্য়তমলৈ হ্ৰাস হোৱাৰ বাবে ১৫০ খনতকৈও অধিক ৰেল বাতিল কৰিবলগীয়া হৈছে। ৰাজধানীত একেৰাহে পঞ্চম দিন ধৰি শীতল ঢৌৰ পৰিস্থিতিত অব্য়াহত আছে যদিও নুন্য়তম ৰেকৰ্ড কৰা  উষ্ণতা সামান্য়ভাবে বৃদ্ধি পাইছে। দেশৰ ৰাজধানীত এতিয়া হেজাৰ লাইট জ্বলাই কুঁৱলীৰ আৱৰণৰ মাজেৰে লাহে লাহে যান-বাহন চলাচল কৰা দেখা গৈছে।

”কুঁৱলী আৰু আন্য়ান্য় পৰিস্থিতিৰ বাবে আজি মুঠ ২৬৭ খন ৰেল বাতিল কৰা হয়। পুৱা ১১ বজালৈকে মুঠ ১৭০ খন ৰেল পলমকৈ চলি আছিল বুলি ৰেলৱেই এক বিবৃতিত এই কথা প্ৰকাশ কৰি কয় সংবাদ সংস্থা এ এনআই -ক ।  আজি পুৱা ছফদাৰজং মানৱ নিৰীক্ষণ কেন্দ্ৰত সৰ্বনিম্ন উষ্ণতা ৩.৮ ডিগ্ৰী চেলছিয়াছ,যিটো কালি ৰেকৰ্ড কৰা ১.৯ ডিগ্ৰীতকৈ কিছু বেছি। লোধী ৰোড,অয়নগৰ আৰু ৰিজৰ বতৰ কেন্দ্ৰসমুহত নুন্য়তম উষ্ণতা ক্ৰমে ৩.৬ ডিগ্ৰী,৩.২ ডিগ্ৰী আৰু ৩.৩ ডিগ্ৰীৰৰ অভিলেখ গঢ়িছে। দিল্লীৰ শীতল ঢৌ ইমানেই তীব্ৰ যে হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ পাহৰীয়া ষ্টেচনতকৈ ইয়াৰ উষ্ণতা কম।”

Leave a Reply

Your email address will not be published. Required fields are marked *