দুদিন ধৰি পানীৰ তলত হাতীগাঁৱৰ ৰাজপথ

Share

বাৰিষাৰ পূৰ্বেই সাধাৰণ এজাক বৰষুণতে দুদিন ধৰি পানীৰ তনত আছে ৰাজধানী দিছপূৰৰ সমীপত থকা হাতীগাঁৱৰ পথ। মূলত কৃত্ৰিম বান ৰোধ কৰাৰ বাবে গুৱাহাটী গুৱাহাটী পৌৰ নিগমে অঞ্চলটোৰ নলা-নৰ্দমা সমূহৰ পুনৰ নিৰ্মাণকাৰ্যৰ বাবে নলাত বান্ধ দি লোৱা হৈছিল যদিও অতি লেহেমীয়া গতিৰে চলিছে নলাৰ লিৰ্মাণ । ইয়াৰ মাজতে কালি এজাক সাধাৰণ বৰষুণত পথছোৱা কৃত্ৰিম বানৰ কবলত পৰে।মঙ্গলবাৰে গোটেই দিনটো পথছোৱা পানীৰ তলত থকাৰ পিচত নিশালৈ পুনৰ বৰষুণ পথছোৱাত পানীৰ পৰিমাণ বৃদ্ধি পায়।ফলত আজি বহুকেইখন ব্য়ৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ লগতে ব্য়াহত হয় যাতায়াত।এনেদৰে নিতৌ পথছোৱাত কৃত্ৰিম বানৰ সৃষ্টি হোৱাত নলা নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰিছে স্থানীয় লোক তথা ব্য়ৱসায়ীসকল। শীঘ্ৰে ভুক্তভোগী সকলে পথছোৱাক কৃত্ৰিেম বানৰ পৰা মুক্ত কৰিবলৈ সংশ্লিষ্ট বিভাগক দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *