বঁটা-বাহনে যিদৰে মানুহ এজনক যিদৰে ধন্য নকৰে ঠিক সেইদৰে ডিগ্ৰী-শিক্ষাই মানুহক মহান নকৰে।ব্যক্তিজনৰ মানৱতাইহে তেওঁক মহান কৰি তোলে।এই মন্তব্য সু-সাহিত্যিক তথা ওদালগুৰি জিলাৰ তদানীন্তন উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ।
আজি ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি হৰেশ্বৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত ২০২০বৰ্ষৰ “ওদালগুৰি ৰত্ন” সন্মান প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মালাকাৰে লগতে কয়- আজি যেন সমাজ সেৱাৰ মূল্যৰ বাবে হৰেকৃষ্ণ মহন্ত আতাক এই বঁটা প্ৰদান কৰি অসম সাহিত্য সভা ধন্য হব পাৰিছে।বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্য লাভ কৰা মহন্ত আতাই ৰাভাদেৱৰ পৰামৰ্শ গ্ৰহন কৰি নিৰক্ষৰ আৰু পিছপৰা বৰঙাজুলিক বন্তিৰ পোহৰেৰে উজলাই তুলিছে।মহাপুৰুষ শংকৰদেৱৰ আলোকিত কৰিব পৰা গুণ মহন্ত আতাই গ্ৰহন কৰি অঞ্চলটোত শিক্ষা,ধৰ্মীয় অনুভূতিৰে শ্ৰেনীহীন সমাজ গঠন কৰাত সফল হৈছে।ওদালগুৰি জিলা সাহিত্য সভাৰ সম্পাদক ড° পবিত্ৰ শৰ্মাই আঁতধৰা উক্ত সন্মান প্ৰদান অনুষ্ঠানত উপস্থিত থাকি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, ওদালগুৰি ৰত্ন বঁটা বাচনি সমিতিৰ আহ্বায়ক তথা সাংস্কৃতিক কৰ্মী তৰুণ আজাদ ডেকাই এক জীৱন্ত কিংবদন্তী। মহন্ত আতাৰ নীতি আদৰ্শক নতুন প্ৰজন্মই গ্ৰহন কৰিব পাৰিব লাগিব।তেওঁ
বঁটা-বাহনতকৈও অধিক গুণসম্পন্নৰ অধিকাৰী আতা পুৰুষ বুলি উল্লেখ কৰে।ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধৰনীধৰ মেধিয়ে আগবঢ়োৱা “মেধি ধৰনীধৰ গুণলতা ন্যাস সমিতিৰ সূতেৰে হৰেকৃষ্ণ মহন্ত আতাক এখন ফুলাম গামোছা,এখন এড়ী চাদৰ,এটা জাপি,ধৰ্মীয় গ্ৰন্থ আৰু স্মাৰক প্ৰতীকৰে “ওদালগুৰি ৰত্ন” সন্মান ২০২০বৰ্ষৰ বঁটা প্ৰদান কৰা বঁটাটো ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত বাপৰ হৈ গ্ৰহন কৰে শ্ৰীমন্ত শংকৰদেৱ সত্ৰ,কেন্দ্ৰীয় সমিতিৰ সভাপতি অনিৰুদ্ধ ভড়ালী আৰু বৰঙাজুলি সত্ৰ পৰিচালনা সমিতিৰ সভাপতি বিমল বাৰ্চুঙে গ্ৰহন কৰে।আজিৰ এই অনুষ্ঠানত জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধৰনীধৰ মেধি,সাংস্কৃতিক কৰ্মী ৰমেন দাস,আদিকে ধৰি ওদালগুৰি জিলা সাহিত্য সভাৰ বিষয় ববীয়া সকল উপস্থিত থকাৰ উপৰিও ভিন্ন ৰাজ্যৰ ভক্তপ্ৰাণ ৰাইজ উপস্থিত আছিল।
প্ৰতিবেদন: গৌতম জ্যোতি তালুকদাৰ
খুব ধুনীয়া,ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতালৈ এনেদৰে ওদালগুৰি জিলা সাহিত্য সভাই “ওদালগুৰি ৰত্ন” বঁটা আগবঢ়োৱা কাৰ্য্যত মই সুখী হৈছোঁ🙏🌼