ডিজিটেল ডেস্কঃ আজিৰে পৰা দেশত আৰম্ভ হ’ল হৰ-ঘৰ ত্ৰিৰংগা কাৰ্যসূচী। এইবাৰ দেশে উদযাপন কৰিব তিনিদিনীয়া স্বাধীনতা দিৱস। দেশৰ স্বাধীনতাৰ ৭৫বছৰ সম্পূৰ্ণ হোৱাৰ পৰিপেক্ষিতত “আজাদী কা অমৃত মহোৎসৱ”ৰ লগত সংগতি ৰাখি “হৰ ঘৰ ত্ৰিৰংগা” কাৰ্যসূচী হাতত লোৱা হৈছে।দেশৰ লগতে অসমতো হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৰূপায়ন কৰা হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তে প্ৰান্তে শনিবাৰে হৰ ঘৰ ত্ৰিৰংগা প্ৰভাত ফেৰী কাৰ্যসূচীৰে বিশাল সমদল উলিওৱা পৰিলক্ষিত হৈছে।
আজি পুৱাই ত্ৰিৰংগা হাতত লৈ বিশাল সমদলেৰে শিক্ষাৰ্থীৰ সৈতে প্ৰভাত ফেৰী কাৰ্যসূচীত ওলাই আহিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত মহানগৰীৰ কামৰূপ একাডেমী, টি.চি স্কুলৰ লগতে আন বহুকেইখন বিদ্যালয় -মহাবিদ্যালৰ শিক্ষাৰ্থীৰ সৈতে হাতত ত্ৰিৰংগা লৈ আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচী ৰূপায়ন কৰে। গুৱাহাটী ক্লাৱৰ চি.টি স্কুলৰ দীঘলীপুখুৰী পৰিভ্ৰমণ কৰি আমবাৰী প্ৰেছ ক্লাৱৰ সন্মুখেৰে আহি পুনৰ চি.টি স্কুলত এই কাৰ্যসূচীৰ সামৰণি মাৰে।