অসমবাসীৰ বাবে সুখবৰ: টকিঅ’ অলিম্পিকৰ পিছতেই এইবাৰ আইবা বিশ্ব বক্সিঙলৈ যোগ্যতা অৰ্জন কৰিছে অসমৰ লাভলীনা বৰগোহাঁই আৰু শিৱ থাপাই

Share
মাধুৰীমা ৰায়, ৬ অক্টোবৰ:– অসমৰ ক্ৰীড়াজগতৰ বাবে সুখৱৰ। ছাৰ্বিয়াত ২১ অক্টোবৰৰ পৰা ৬ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া আইবা বিশ্ব চেম্পিয়নশ্বিপলৈ যোগ্যতা অর্জন কৰিছে অসমৰ দুই তাৰকা বক্সাৰ  লাভলীনা বৰগোহাঁই আৰু শিৱ থাপাই। অৰ্জুন বঁটা বিজয়ী অসমৰ জীয়ৰী মহিলা বক্সাৰ লাভলীনা বৰগোহাঁয়ে টকিঅ’ অলিম্পিকত দেখুওৱা সফলতাৰ বাবে তেওঁক ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ নেখেলাকৈয়ে সন্মানৰ পৰিচয় হিচাপে পোনে পোনে ছাৰ্বিয়াৰ বিশ্ব বক্সিঙলৈ যাবলগীয়া ভাৰতীয় দলত স্থান দিছে। তেওঁ টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিলে।
আনহাতে, টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ৰাষ্ট্ৰীয় বক্সিঙত উজলি উঠিছে অসম সন্তান শিৱ থাপা। অসমৰ এই অভিজ্ঞ বক্সাৰগৰাকীয়ে কৰ্ণাটকৰ বিলাৰিত মঙলবাৰে সামৰণি পৰা পঞ্চম বাৰ্ষিক এলাইট পুৰুষ ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণপদক জয়েৰে আগন্তুক আইবা পুৰুষ বিশ্ব বক্সিং চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন কৰিছে। মঙলবাৰে সৰ্বভাৰতীয় বক্সিঙত চেম্পিয়নেৰে লণ্ডন আৰু ৰিঅ’ অলিম্পিয়ান শিৱ থাপাই আইবা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় দলত স্থান লাভ কৰিছে। উল্লেখযোগ্য যে অসমৰ শিৱ থাপাই এই পৰ্য্যন্ত দুবাৰ ক্ৰমে ২০২১ চনৰ লণ্ডন আৰু ২০১৬ চনৰ ৰিঅ অলিম্পিক গেমছ আৰু দুবাৰ এছিয়ান গেমছৰ লগতে কমনৱেলথ গেমছ, ছাফ গেমছত অংশগ্রহণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।
ভাৰতীয় বক্সিঙৰ অধ্যক্ষ অজয় সিং আৰু সচিব প্রধান হেমন্ত কলিতাই অসমৰ দুয়োগৰাকী খেলুৱৈক অভিনন্দন জ্ঞাপন কৰিছে। আনহাতে, বক্সিং ফেডাৰেচন অফ ইণ্ডিয়াৰ পৰা পোৱা সন্মানৰ বাবে বক্সিং ইণ্ডিয়াক ধন্যবাদ জনাইছে লাভলীনা বৰগোহাঁই আৰু শিৱ থাপাই। সম্প্ৰতি বাংগালুৰুত কঠোৰ অনুশীলনত ব্যস্ত থকা লাভলীনা বৰগোহাঁই আৰু শিৱ থাপাই ছাৰ্বিয়াত অনুষ্ঠিত হ’বলগীয়া আইবা বিশ্ব বক্সিঙত পদক লাভৰ বাবে আপ্রাণ চেষ্টা চলাব।

Leave a Reply

Your email address will not be published. Required fields are marked *