উত্তৰাখণ্ডত সংঘটিত হৈছে এক হিংসাত্মক ঘটনা

Share

উত্তৰাখণ্ডৰ হালদ্বানীৰ বনভুলপুৰাত বৃহস্পতিবাৰে সংঘটিত হৈছে এক ভয়ংকৰ হিংসাত্মক ঘটনা ৷ জানিব পৰামতে বনভুলপুৰাত বৃহস্পটিবাৰে আৰক্ষীৰ এক উচ্চেদকাৰি দল গৈ উপস্থিত হৈছিল আৰু অবৈধভাৱে গঢ় লৈ উঠা এখন মাদ্ৰাছা আৰু নামাজস্থলী ধবংস কৰি দিয়া কাৰ্য্যক লৈ সৰৱ হৈ উঠি কিছুমান লোকে সংঘটিত কৰে এই হিংসাত্মক ঘটনাটো ৷ তথ্য মতে দূৰ্বৃত্তৰ দল এটাই উচ্চেদকাৰী দলটোৰ ওপৰতো শিল নিক্ষেপ কৰে আৰু ইয়াৰ ফলত বহু আৰক্ষীৰ লোকো আঘাটপ্ৰাপ্ত হয় ৷ দুৰ্বৃত্তৰ দলটোৱে আৰক্ষীৰ বাহনক লক্ষ্য কৰি অগ্নি সংযোগ কৰে ৷ দুৰ্বৃত্তৰ এই  কাৰ্য্যৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰৰ বাবে আৰক্ষীয়ে ৰাউণ্ড গুলী চালনা কৰিবলৈ বাধ্য হয় ৷ এই হিংসাত্মক ঘটনাত প্ৰায় ৪জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৫০ জন লোকতকৈও অধিক লোক আহত হৈছে ৷ এই হিংসাত্মক ঘটনাৰ পিছত উত্তৰাখণ্ডৰ মূখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে উচ্চস্তৰীয় বৈঠক আহ্বান কৰি আৰক্ষীকে ধৰি বিভাগীয় কৰ্তৃপক্ষক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনায় ৷ বৰ্তমান সময়ত চহৰখনত ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ লগতে বিদ্যালয়-মহাবিদ্যালয় বন্ধ কৰি দিয়া হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সান্ধ্য আইন জাৰি কৰা হয় ৷  

Leave a Reply

Your email address will not be published. Required fields are marked *