ৰাজ্যত H3N2 ভাইৰাছৰ সন্ত্ৰাস

Share

দেশত কভিড ভাইৰাছৰ ত্ৰাসৰ পাছত এইবাৰ নতুনকৈ H3N2 নামৰ ইনফ্লোৱেঞ্জা ভাইৰাছৰ সন্ত্ৰাস। এই ভয়াৱহ ইনফ্লোৱেঞ্জা ভাইৰাছে দেশৰ অন্য স্থানৰ লগতে অসমতো সংক্ৰমণ আৰম্ভ কৰিছে।  শেহতীয়াকৈ আৰম্ভ হোৱা এই ইনফ্লোৱেঞ্জা ভাইৰাছৰ দ্বাৰা ফলত তিনি মাহ ধৰি দেশৰ  সহস্ৰাধিক লোক আক্ৰান্ত হোৱা দেখা গৈছে। দিল্লীকে ধৰি দেশৰ কেইবাখনো ৰাজ্যৰ লগতে অসমতো এতিয়া এই ভাইৰাছ সংক্ৰমিত হৈছে।

ভাৰতৰ আই চি এম আৰে চিনাক্ত কৰা H3N2 নামৰ নতুন ভাইৰাছটোৰ চাৰি ধৰণৰ ভেৰিয়েণ্ট আছে। চিকিৎসা গৱেষণা পৰিষদ আৰু ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে উল্লেখ কৰা মতে,  এই ইনফ্লোৱেঞ্জা ভাইৰাছৰ  দ্বাৰা সংক্ৰমিত হলে দীঘলীয়া সময়ৰ বাবে জ্বৰ, কাহত আক্ৰান্ত হয় ৰোগী। সমান্তৰালকৈ মূৰ ঘূৰণি, বমি, গাৰ বিষ আৰু ডায়েৰীয়া আদি ৰোগতো আক্ৰান্ত হয়। লক্ষণীয় যে, কভিডৰ সময়ত যি এন্টিবায়টিক ব্যৱহাৰ কৰা হৈছিল এতিয়া সেই এন্টিবায়টিক ব্যৱহাৰ নকৰিবৰ বাবেও সতৰ্ক কৰে আই চি এম আৰে।   

এই সন্দৰ্ভত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাজ্যবাসীক এই ভাইৰাছৰ পৰা বাচি থাকিবলৈ আহ্বান জনাইছে। লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই এই ভাইৰাছত আক্ৰান্ত হৈ থকা ৰোগীসকলক জধে-মধে ঔষধ ক্ৰয় নকৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। যিহেতু বায়ু প্ৰদূষণৰ ফলত এই ভাইৰাছ অধিক সংক্ৰমিত হোৱা দেখা গৈছে, গতিকে সকলোকে মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ দিয়ে।  

Leave a Reply

Your email address will not be published. Required fields are marked *