আজৱ কাণ্ড ! দিনৰ ভাগত এটা কাম আৰু ৰাতি আন এটা কাম । মহাৰাষ্ট্ৰ নাগপুৰ আৰক্ষীয়ে এনে এটা চোৰৰ দলক গ্ৰেপ্তাৰ কৰিছে । যিয়ে দিনত জিম চলায় আৰু নিশা হ’লে সংগঠিতভাৱে সংঘটিত কৰে চুৰিকাৰ্য্য । ইতিমধ্যে আৰক্ষীয়ে দলটোৰ পৰা জব্দ কৰিছে প্ৰায় ২৫ লাখ টকাৰ সামগ্ৰী । যাৰ ভিতৰত আছে ৪০০ গ্ৰাম সোণ আৰু দুখন গাড়ী । পিছে দলটোৱে এই গাড়ী দুখনৰ জৰিয়তে কৰে চুৰিকাৰ্য্য ।
তথ্য অনুসৰি ইমৰান খান আৰু হামিদ খান পেছাত একোগৰাকী জিম প্ৰশিক্ষক লগতে দলটোৰ মুৰব্বী । তেওঁলোকৰ সৈতে অভিযুক্ত মহম্মদ আফছাৰ খানেও কৰিছিল জিম । তদুপৰি চৈয়দ নৌশাদ আলী নামৰ আন এজন অভিযুক্তই বিক্ৰী কৰিছিল প্লাষ্টিকৰ সামগ্ৰী । কিন্তু জিমৰ অজুহাত দেখুৱাই তেওঁ ইমৰান খানৰ সৈতেও অব্যাহত ৰাখিছিল যোগাযোগ । ইফালে দলটোৰ চতুৰ্থজন সদস্য আকৌ চুৰি হোৱা সোণখিনি লুকুৱাই ৰাখিছিল । কিন্তু দুৰ্ভাগ্যবশত তেওঁলোক সকলো এতিয়া নাগপুৰ আৰক্ষীৰ জিম্মাত । আনহাতে , নাগপুৰ চহৰৰ মানকাপুৰ আৰক্ষী থানাৰ জ্যেষ্ঠ পৰিদৰ্শক বৈজয়ন্তী মণ্ডৱাদ্ৰে কোৱা অনুসৰি এই সকলো অভিযুক্তই বিলাসী জীৱন-যাপন কৰিবলৈ চুৰ কৰিছিল ।