গুৱাহাটী বিশ্ববিদ্যালয়লৈ ৰাষ্ট্ৰীয় বঁটা

Share
সুভাশ্ৰী বাৰিক,২০ ছেপ্টেম্বৰঃগুৱাহাটী বিশ্ববিদ্যালয়ে লাভ কৰিছে ৰাষ্ট্ৰীয় সন্মান।কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীয়া মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ( এন এছ এছ) ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতি।উল্লেখ যোগ্য যে এইবাৰেই প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে অসম  তথা গুৱাহাটী বিশ্ববিদ্যালয়ে। আনহাতে, ব্যক্তিগতভাৱে ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা অসমৰ প্ৰথম জন ব্যক্তি হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছৰ সমন্বয়ক তথা ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতি।২৪ছেপ্টেম্বৰ ত নতুন দিল্লীত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত লবলগীয়া বিশেষ অনুষ্ঠান ত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা বঁটা গ্ৰহণ কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ প্ৰতাপ জ্যোতি সন্দিকৈ আৰু এন এছ এছৰ কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে।।২০১৯-২০ বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে।।                                     

Leave a Reply

Your email address will not be published. Required fields are marked *