বিশ্বৰ দ্বিতীয় সর্বাধিক প্ৰদূষিত চহৰ ‘গুৱাহাটী’

Share

গুৱাহাটী বাসিন্দাসকলৰ বাবে বিপজ্জনক খবৰ৷ বিশ্বৰ সর্বাধিক বায়ু প্রদূষিত চহৰৰ তালিকাত দ্বিতীয় স্থানত গুৱাহাটী৷ ছুইজাৰলেণ্ডৰ বায়ুৰ মান নিৰীক্ষণ সংস্থা ‘আই কিউ এয়াৰে’ প্রকাশ কৰা তথ্য অনুসৰি গুৱাহাটী হৈছে বিশ্বৰ সৰ্বোচ্চ প্ৰদূষিত মহানগৰ৷ বিহাৰৰ বেগুচৰাই সর্বাধিক প্রদূষিত চহৰ হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে গুৱাহাটী আৰু দিল্লীয়ে ক্রমে দ্বিতীয় আৰু তৃতীয় স্থান পাইছে৷ 

আইকিউএয়াৰৰ প্রতিবেদন মতে গুৱাহাটীৰ পিএম ২.৫ৰ গাঢ়তা প্রতি ঘনমিটাৰত ৫১ মাইক্র’গ্রামৰ পৰা ১০৫.৪ মাইক্র’গ্রামলৈ বৃদ্ধি পাইছে৷ ২০২২ চনত গুৱাহাটীৰ পিএম ২.৫ৰ গাঢ়তা ৫১ মাইক্র’গ্রাম থকাৰ বিপৰীতে ২০২৩ত গুৱাহাটীৰ পিএম ২.৫ৰ গাঢ়তা ১০৫.৪ মাইক্র’গ্রামলৈ বৃদ্ধি হৈছে৷ উল্লেখ্য যে বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, বায়ুত পিএম ২.৫ৰ গাঢ়তা ৫–১০ মাইক্র’গ্রাম থাকিব লাগে৷ কিন্তু গুৱাহাটীত পিএম ২.৫ৰ গাঢ়তা ১০৫.৪ মাইক্র’গ্রাম হৈছে৷ অর্থাৎ বিশ্ব স্বাস্থ্য সংস্থাই নির্ধাৰণ কৰা বায়ুৰ মানতকৈ গুৱাহাটীৰ পিএম ২.৫ৰ গাঢ়তা ১০ গুণতকৈও অধিক৷ ইয়ে গুৱাহাটী মহানগৰবাসীৰ বাবে ভয়াৱহ সংকেত কঢ়িয়াই আনিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *