গুৱাহাটী শোধনাগাৰৰ মহাপ্ৰৱন্ধক বীৰেন্দ্ৰ কুমাৰ ঝাক গ্ৰেপ্তাৰ

Share
 ডিজিটেল ডেস্কঃ মহানগৰীৰ নুনমাটিস্থিত গুৱাহাটী শোধনাগাৰৰ মহাপ্ৰৱন্ধক বীৰেন্দ্ৰ কুমাৰ ঝাক নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ভুৱা মেইল প্ৰেৰণ কৰি গ্ৰেপ্তাৰ হয় বিষয়াগৰাকী। 
জানিব পৰা মতে গুৱাহাটী শোধনাগাৰত দীৰ্ঘদিন ধৰি যুৱক-যুৱতীক চাকৰি, ঠিকা দিয়াৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অপৰাধত গুৱাহাটী শোধনাগাৰৰ প্ৰবন্ধক বীৰেন্দ্ৰ কুমাৰ ঝাক গ্ৰেপ্তাৰ কৰিছে। শোধনাগাৰৰ বিষয়াগৰাকীয়ে এগৰাকী মহিলাৰ নামত ভুৱা ই–মেইল খুলি শোধনাগাৰৰ আভ্যন্তৰীণ বিষয় ৰাজহুৱা কৰাৰো অভিযোগ উত্থাপন হৈছে।
তাৰ পিছতেই ৩ জুনত এজাহাৰ দাখিল কৰিছিল গুৱাহাটী শোধানাগাৰৰ মুখ্য মহা প্ৰৱন্ধক হীতাজী ভট্টাচাৰ্যই। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *