গুৱাহাটী আৰক্ষীয়ে জব্দ কৰিলে ১৪ কোটি টকাৰ ড্ৰাগছ

Share

গুৱাহাটী আৰক্ষীয়ে ১৩ ডিচেম্বৰ, মঙ্গলবাৰ নিশা এখন এম্বুলেন্সৰ পৰা বৃহত পৰিমাণৰ ড্ৰাগছ জব্দ কৰে। ১৪ কোটি টকাৰ ড্ৰাগছখিনি মণিপুৰৰ পৰা অনা হৈছিলে, ৫০ হাজাৰ য়াবা টেবলেট আৰু ২০০ গ্ৰাম হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে।

ড্ৰাগছ সৰবৰাহকাৰী  মিৰাজুল ইছলাম লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। পঞ্জীয়ন নম্বৰ এমএন-০৩৬-০০৩৭ থকা এম্বুলেন্সখন মণিপুৰৰ পৰা আহি আছিল । ধৃত মিৰাজুলৰ ঘৰ মেঘালয়ৰ ৰাজাবালাত।

এই ড্ৰাগছ জব্দৰ অভিযান যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত আৰু ADCP কল্যাণ পাঠকৰ নেতৃত্বত চলিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *