‘ভিক্ষামুক্ত ভাৰত’ৰ তালিকাত গুৱাহাটী

Share
কেন্দ্ৰৰ মোদী চৰকাৰে গ্ৰহণ কৰিছে এক বৃহৎ সিদ্ধান্ত । ‘ভিক্ষাবৃত্তিমুক্ত ভাৰত’। ইয়াৰ বাবে দেশৰ ৩০ খন চহৰ চিনাক্ত কৰিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰথম পদক্ষেপ হিচাপে এই ৩০ খন চহৰৰ তালিকাত আছে অযোধ্যাৰ পৰা তিৰুৱনন্তপুৰমলৈকে, গুৱাহাটীৰ পৰা ত্ৰম্ব্যকেশ্বৰলৈকে ।
২০২৬ চনৰ ভিতৰত এই চহৰবোৰক ভিক্ষাৰীমুক্ত কৰি তোলাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে লৈছে এই বৃহৎ পদক্ষেপ। লক্ষণীয় যে নিৰ্বাচিত ৩০ খন চহৰৰ ভিতৰত সমীক্ষা চলোৱা হ’ব আৰু কোনবোৰ চহৰ প্ৰথমতে ভিক্ষাৰীমুক্ত হোৱা প্ৰয়োজন এই সকলোবোৰ চোৱাচিতা কৰি পৰৱৰ্তী সময়ত তাৰ ফলাফলৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
‘Support for Marginalized Individuals for Livelihood and Enterprises’ তথা ‘স্মাইল’ প্ৰকল্পৰ অধীনত এই কাম আগবাঢ়িছে। সূত্ৰ অনুসৰি অহা দুবছৰত আৰু অধিক চহৰ এই তালিকাত অন্তৰ্ভুক্ত হ’ব। ইতিমধ্যে নিৰ্বাচিত ৩০ খন চহৰৰ ভিতৰত ২৫ খন চহৰৰ এক্সন প্লেন প্ৰস্তুত কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *