অনিৰ্দিষ্ট কাললৈ বন্ধ হৈ পৰিছে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা

Share

যোৱা মঙলবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ হৈ পৰিছে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা।আভ্যন্তৰীণ জল পৰিৱহণ বিভাগে এই সিদ্ধান্ত এক জাননীৰ জৰিয়তে অৱগত কৰিছে।বাৰিষা যিহেতু ব্ৰক্ষ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত বন্ধ কৰিছে ফেৰী সেৱা।অত্যাধিক ভাৱে ব্ৰক্ষ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ফেৰীঘাট সমূহ ডুব গৈছে।ইফালে সেই পাৰঘাটতেই বহু যাত্ৰী আৱদ্ধ হৈও আছে।অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত দিয়া মুষলধাৰ বৰষুণৰ ফলতেই বৃদ্ধি পাইছে ব্ৰক্ষ্মপুত্ৰৰ জলপৃষ্ঠ।অৱশ্যে ৰাজ্যৰ আন আন ফেৰীঘাট সমুহো বন্ধ হৈ পৰিছে।বাৰিষা হোৱা প্ৰবল বৃষ্টিপাতৰ ফলতেই নদীৰ জলপৃষ্ঠ ক্ৰমা९ বৃদ্ধি হৈছে,স্তব্ধ হৈ পৰিছে এতিয়া ফেৰী সেৱা।       

Leave a Reply

Your email address will not be published. Required fields are marked *