নিউজ ডেস্ক , ২৩ মাৰ্চঃ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। ১৯ এপ্ৰিলত এই ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হব বুলি ঘোষণা কৰে ৰাজ্যিক নিৰ্বাচন আয়োগে। এইবাৰ এই নিৰ্বাচনত ব্যৱহাৰ কৰা হব ই ভি এম। পুৱা ৭বাজি ৩০ মিনিটৰ পৰা বিয়লি ৪ বাজি ৩০ মিনিটলৈ চলিব এই ভোটদান প্ৰক্ৰিয়া। ২১ এপ্ৰিলত অনুষ্ঠিত হব ভোটগণনা।পুৱা ৮ বজাৰ পৰা আৰম্ভ হব ভোটগণনা। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ৩০ মাৰ্চ বুলি উল্লেখ কৰে ৰাজ্যিক নিৰ্বাচন আয়োগে।এইবাৰ মহিলাৰ বাবে সংৰক্ষিত কৰা হব ৫০ শতাংশ আসন। ৬০ টা মুঠ ৱাৰ্ডৰ বাবে ৭৮৯ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হব। ৰাজ্যিক নিৰ্বাচন আয়োগে সংবাদ মেলৰ জৰিয়তে উল্লেখ কৰে এইসমূহ তথ্য ।