নিউজ ডেস্ক, ২৯ আগষ্ট: আজি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৪৫৪ সংখ্যং তিৰোভাৱ তিথি। সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথি। ভক্তি ৰসত বিলীন হয় পৰিছে মানুহৰ মন।
অৱশ্যে ব্যতিক্ৰম নহয় বিজেপিৰ নেতাসকল। হেঙেৰাবাৰীস্থিত অসম ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত পুৱাৰ পৰা এক আধ্যাত্মিক পৰিবেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপিৰ কাৰ্যালয়ত পালন কৰা হয় গুৰুজনাৰ তিৰোভাৱ তিথি। মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী আৰু বিজেপিৰ সদস্য সকলে উক্ত অনুষ্ঠানত যোগদান কৰে।
|