ঘোষণা হল ২০২৪ বৰ্ষৰ গুণোৎসৱ ফলাফল

Share

ঘোষণা হল ২০২৪ বৰ্ষৰ গুণোৎসৱৰ ফলাফল। ।শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃগত আয়োজন কৰা   শিক্ষাবিভাগৰ এক  বিশেষ  অনুষ্ঠানত মাননীয় মুখ্যমন্ত্ৰী ড০ শৰ্মা আৰু শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগু উপস্থিত থাকি ঘোষণা কৰিলে গুণোৎসৱৰ ফলাফল।যোৱা দুবছৰৰ দৰে এইবাৰো প্ৰথম স্থান লাভ কৰিছে শিৱসাগৰ জিলাই ।বিগত বৰ্ষতকৈ এইবাৰ বিদ্যালয় সমূহৰ গুণগত মান বৃদ্ধি হৈছে  বুলিও কয় মুখ্যমন্ত্ৰী গৰাকীয়ে। এইবাৰকে ধৰি শিৱসাগৰ জিলাই তৃতীয়বাৰৰবাবে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়।এই ফলাফল লাভ কৰাৰ পিছতে শিৱসাগৰৰ বিদ্যালয় সমুহত এক  আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। উল্লেখ্য় যে, শিৱসাগৰৰ মুঠ ১২৬৬ খন বিদ্যালয়ৰ ৭৩,৫৩২ গৰাকী বিদ্যাৰ্থীক লৈ এই  গুণোৎসৱ অনুষ্ঠিত হৈছিল। ফলাফল ঘোষণা কৰাৰ পিছতে শিৱসাগৰ জিলাৰ বিদ্যালয়সমুহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে কয় যে এয়া এক সামুহিক প্ৰচেষ্টাৰ ফল বুলি কয় আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰে। শিৱসাগৰ জিলাৰ লগতে দ্বিতীয় স্থান  লাভ কৰিছে চৰাইদেউ জিলাই আৰু তৃতীয় স্থান লাভ কৰিছে গোলাঘাট জিলাই । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃগত আয়োজন কৰা   শিক্ষাবিভাগৰ এক  বিশেষ  অনুষ্ঠানত মাননীয় মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ২০২৩ বৰ্ষত A+ গ্ৰেড লাভ কৰা ১২,০৮৭ খন বিদ্যালয়ক ২৫ হেজাৰকৈ টকা প্ৰদান কৰিব লগতে তেওঁ আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ কথা ঘোষণা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *