পুনৰ দবাত বিশ্ব চেম্পিয়ন ভাৰত। বিশ্বনাথন আনন্দৰ পিছত ভাৰতে পুনৰবাৰ দবাত বিশ্বত বিজয় ধ্বজা উৰিৱাই।১৮ বছৰ বয়সতে বিশ্ব চেম্পিয়ন হৈ ইতিহাসৰ সৃষ্টি কৰিলে ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ ডি গুকেশে।ছিংগাপুৰৰ ৰিজ’ৰ্টছ চেন্টোচাত অনুষ্ঠিত হৈছিল বিশ্ব দবা চেম্পিয়নশ্বিপ।খেলখন আৰম্ভ হৈছিল ৬.৫ পইন্টেৰে। ১৩ খন ৰোলাৰকোষ্টাৰ খেলৰ পিছতো দুয়োগৰাকী প্ৰতিযোগীৰ পইন্টত ৬.৫ আছিল।১৪ সংখ্যক মেচখন জয়ী হ’বলৈ এটা পইন্টৰ প্ৰয়োজন আছিল।অৱশেষত ৭.৫-৬.৫ৰ ব্যৱধানৰ শেষত গুকেশে শেষ হাঁহি মাৰিবলৈ সক্ষম হয়।চীনৰ প্ৰতিদ্বন্দী ডিং লিৰেনক হৰুৱাই ডবা বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় গুকেশ।৭ বছৰ বয়সৰ পৰাই দবা খেলিবলৈ আৰম্ভ কৰা ডি গুকেশে মাত্ৰ ১২ বছৰ বয়সতে ভাৰতৰ সৰ্বকনিষ্ঠ আৰু বিশ্বৰ দ্বিতীয় সৰ্বকনিষ্ঠ গ্ৰেণ্ড মাষ্টাৰ হিচাপে পৰিগণিত হয় তামিলনাডুৰ ডি গুকেশ।
আনহাতে চলিত বছৰতে ডি গুকেশে ডবা অলিম্পিয়াডত স্বৰ্ণ জয় কৰিছিল। এটা বছৰতে দুটাকৈ সফলতা অৰ্জন কৰা দেশৰ বাবে গৌৰৱ কঢ়়িয়াই অনা তামিলনাডুৰ ডি গুকেশক লৈ সমগ্ৰ দেশবাসী গৌৰৱবোধ কৰিছে।ডি গুকেশক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে প্ৰাক্তন চেম্পিয়ন দবা খেলুৱৈ বিশ্বনাথ আনন্দে।