গ্ৰীণপীচ ইণ্ডিয়াই প্ৰদান কৰিলে ৪৫০গৰাকী মহিলা শ্ৰমিকক বাইচাইকেল

Share

ৰবিবাৰে গ্ৰীণপীচ ইণ্ডিয়া নামৰ এক বেচৰকাৰী সংস্থাই দিল্লী আৰু বেংগালুৰুৰ শ্ৰমিক শ্ৰেণীৰ ৪৫০ গৰাকী মহিলা শ্ৰমিকক বাইচাইকেল প্ৰদান কৰে ।দৈনিক মজুৰিৰ আধাৰত শ্ৰমদান কৰি অহা শ্ৰমিকসকলৰ বাবে চৰকাৰে সময়ে সময়ে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ন কৰি আহিছে যদিও সেই আঁচনিৰ সহায়ত শ্ৰমিকসকলে সকলো সুবিধা লাভ কৰা নাই ।সেয়েহে প্ৰাথমিক স্তৰত যাতায়তৰ সমস্যা সমাধান কৰিবলৈ গ্ৰীণপীচ ইণ্ডিয়াই মহিলাসকলক বাইচাইকেল প্ৰদান কৰে  ।

উল্লেখ্যযোগ্য যে , প্ৰাথমিক অৱস্থাত এই বাইচাইকেল আগবঢ়োৱা মহিলাসকলৰ গৰিষ্ঠসংখ্যকেই ৪০ ৰ পৰা ৫০ বছৰ বয়সৰ, যি যাতায়তৰ অসুবিধাৰ বাবে খোজকাঢ়িয়েই অহা যোৱা কৰিব লগীয়া হয় কৰ্মস্থলীলৈ ।

আনহাতে কেৱল এয়াই নহয় আগন্তুক সময়ত ৫০০০ হেজাৰ মহিলা শ্ৰমিকে বাইচাইকেলৰ জৰিয়তে একমাত্ৰ যাতায়তেই নহয় বৰং প্ৰদূষণ আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনতো কিছু অৱদান আগবঢ়াব পাৰিব বুলি আশা কৰিছে সংস্থাটোৱে ।

Leave a Reply

Your email address will not be published. Required fields are marked *