ক্রমাৎ যেন বিকল্প শক্তিৰ জনপ্রিয়তা ! এটাৰ পাছত আনটোকৈ ঢাপলি মেলিব লৈছে আপলৈ , এইবাৰ ৰাইজৰ দল ত্যাগ কৰি আপত  যোগদান কৰিলে কমল কুমাৰ মেধিয়ে 

Share
গুৱাহাটী, ৪ মেঃ  বিজেপি , কংগ্ৰেছৰ পাছতে এইবাৰ বিকল্প শক্তি আপৰ উথান । দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত পৰিচালিত আম আদমী পাৰ্টীয়ে দুখনকৈ ৰাজ্যত নিজৰ আধিপত্য দখল কৰিবলৈ সক্ষম হোৱাৰ লগতে শেহতীয়াকৈ , গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনতো ২৫ টাকৈ ৱাৰ্ডত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হোৱা আম আদমী পাৰ্টী যেন এতিয়া ক্রমাৎ বিকল্প শক্তিৰ থিয় দিয়া পৰিলক্ষিত হৈছে ।কিয়নো সোমবাৰে আম আদমী পাৰ্টীত যোগদান কৰিলে ৰাইজৰ দল পদত্যাগ কৰা কমল কুমাৰ মেধিয়ে ।
কিন্তু ৰাইজৰ দল ত্যাগ কৰি এসময়ত কৃষক মুক্তি সংগ্ৰামৰ নেতৃত্ব দিয়া নেতা কমল কুমাৰ মেধিয়ে দ্বিতীয়বাৰৰ বাবে আম আদমী পাৰ্টীত যোগদান কৰাৰ পাছতে ছ’চিয়েল মিডিয়াত সাংঘাতিক ধৰণে ট্র’লৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে । লক্ষণীয় বিষয়টো যে ২০১৭ চনতে প্রথমবাৰৰ বাবে আপত যোগদান কৰিছিল কমল কুমাৰ মেধিয়ে । কিন্তু তাৰ এবছৰৰ পাছত ২০১৮ চনত মেধিয়ে যোগদান কৰিছিল কংগ্ৰেছত ।কংগ্ৰেছত  দুবছৰ থকাৰ পাছতে কংগ্ৰেছ এৰি আহি যোগদান কৰিলে ৰাইজৰ দলত দুবছৰ থকাৰ পাছত এইবাৰ দ্বিতীয়বাৰৰ বাবে আপত যোগদান কৰিলে কমল কুমাৰ মেধিয়ে যাৰ বাবে সামাজিক মাধ্যমত যথেষ্ট সমালোচনাৰ সন্মুখীন হোৱাৰ লগতে বৰ্তমান সৰ্বত্রে চৰ্চাত থকা এইগৰাকী নেতা ।তদুপৰি , সচেতন মহলত একাংশৰ প্রশ্ন উথাপন কৰা অনুসৰি , কংগ্ৰেছ , ৰাইজৰ দলৰ পাছতে এবাৰ ক্ষতিগ্ৰস্ত হ’ব নেকি আপ ?

Leave a Reply

Your email address will not be published. Required fields are marked *