আৰক্ষীৰ মুখ্য কাৰ্যালয়ত দায়িত্ব গ্ৰহণ কৰিব জি পি সিঙে

Share

৩১ জানুৱাৰী,মংগলবাৰে অসমৰ নতুূন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব IPS জি পি সিঙে। আবেলি ৪.৩০ বজাত অসম আৰক্ষীৰ উলুবাৰীস্থিত মুখ্য কাৰ্যালয়ত বিদায়ী আৰক্ষী ভাস্কৰ জ্যোতি মহন্তৰ পৰা জি পি সিঙে গ্ৰহণ কৰিব অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব। ইফালে বিদায়ী ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ বিদায়ী পেৰেড অনুষ্ঠিত হৈছে চতুৰ্থ অসম আৰক্ষী বেটেলিয়েন চৌহদত আৰু এই পেৰেড অনুষ্ঠানত অংশ লৈছে অসম আৰক্ষীৰ শীৰ্ষ বিষয়া কৰ্মীসকলে। পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হৈছে এই বিদায়ী পেৰেড । ভাস্কৰ জ্যোতি মহন্তই বিদায়ৰ আগদিনা মৈত্ৰী আঁচনিৰ অধীনত নতুনকৈ নিৰ্মাণ কৰা অসম আৰক্ষীৰ এটা বিশ্ৰামালয় উদ্বোধন কৰে।

উল্লেখ্যযোগ্য যে, ইয়াৰ পূৰ্বে জি পি সিঙে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাত আৰক্ষী মহাপৰিদৰ্শক হিচাপে কাম কৰি আহিছে আৰু সিঙে ভাৰতৰ পঞ্জাৱকে ধৰি জম্মু-কাশ্মীৰতো কাৰ্যনিৰ্বাহ কৰি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *