বিদ্যালয় একত্ৰীকৰণৰ বিষয়টো চৰকাৰে পুনৰ বিবেচনা কৰিবঃ ড৹ ৰণোজ পেগু

Share

নিউজ ডেস্কঃ একত্ৰীকৰণৰ সিদ্ধান্ত লোৱা বিদ্যালয়সমূহৰ ক্ষেত্ৰত ৰাইজৰ ওজৰ-আপত্তি শুনিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে। লগতে ৰাইজৰ ওজৰ-আপত্তি শুনিবলৈ ৰাজ্য চৰকাৰে মুকলি কৰি দিছে ই-মেইল আই ডি। এই কথা প্ৰকাশ কৰে শিক্ষামন্ত্ৰী ড৹ ৰণোজ পেগুৱে। তেওঁ কয় যে, এই ই-মেইল আই ডিৰ জৰিয়তে কিয় বিদ্যালয়সমূহ বন্ধ কৰিব নালাগে , সেই সন্দৰ্ভত সকলোৱে নিজৰ মতামত ব্যক্ত কৰিব পাৰিব। এই কথা ৩১ আগষ্টত টুইটাৰযোগে জনায় শিক্ষামন্ত্ৰী গৰাকীয়ে। শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে,  ” ৰাজ্য চৰকাৰ জনসাধাৰণৰ কল্যাণ আৰু সমস্যাৰ নিষ্পত্তিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এইবৰ্ষৰ মেট্ৰিক পৰীক্ষাত শূন্য ফল প্ৰদৰ্শন কৰা ৩৪ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত লোৱাৰ উপৰি মুঠ ২,৫০০ খন বিদ্যালয় একত্ৰীকৰণৰ প্ৰস্তাৱ শিক্ষা বিভাগে বিবেচনা কৰি আছে। “

Leave a Reply

Your email address will not be published. Required fields are marked *