অসমৰ বৃক্কৰ ৰোগীসকলৰ বাবে সুলভ আৰু উন্নত স্বাস্থ্য সেৱাৰ বাবে চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। অসমত ডাইলেছিছ সেৱাৰ ৩৭টা নতুন কেন্দ্ৰৰ বাবে অনুমোদন জনাইছে চৰকাৰে।অসমে চি এছ আৰ অংশীদাৰৰ দ্বাৰা সমৰ্থিত পি পি পি মোডত ১৫০টা নতুন যন্ত্ৰৰ সৈতে ৩৭ টা নতুন হেমো-ডায়েলেছিছ কেন্দ্ৰ গঢ়াৰ সিদ্ধান্ত অসম চৰকাৰৰ।বৰ্তমান ৰাজ্য়ৰ ৪১ টা কেন্দ্ৰত ২৭৭ টা যন্ত্ৰ কাৰ্যকৰী হৈ আছে। ২০২৩-২৪ৰ বিত্তীয় বৰ্ষত ২,২১,১১৬টা বিনামূলীয়া ছেছন হয়, যি বিগত বছৰতকৈ ৫০,০০০ অধিক হয়।ই অসমৰ অভিলেখসংখ্যক বিনামূলীয়া ডায়েলেছিছ ছেছন।সমগ্ৰ অসমবাসীলৈ এই বাৰ্তা প্ৰদান কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।অসমবাসীলৈ ই এক নতুন আশা কঢ়িয়াই আনিব।