মাজুলীৰ তেজস্বিতাৰ স্মৃতিত ভূমি দান গোবিন্দ খাউণ্ডৰ

Share

মাজুলী, ১০অক্টোবৰ: মাজুলী চিকিৎসা খণ্ডক উদঙাই দিলে তেজস্বিতাৰ মৃত্যুয়ে। কণমাণি শিল্পী তেজস্বিতাৰ মৃত্যুৰ গাফিলতীক লৈ মাজুলীৰ লগতে সমগ্ৰ অসমতে এক উচ্ছৃংখলতাৰ  সৃষ্টি হৈছে। মাজুলী চিকিৎসা সেৱাৰ ছবি বৰ্তমান সমগ্ৰ অসমৰ আগত উদঙাই তুলিছে তেজস্বিতাৰ মৃত্য়ুয়ে। এই ঘটনাৰ পাছতে মাজুলীৰ জেষ্ঠ সাংবাদিক তথা লেখক গোবিন্দ খাউণ্ডে মাজুলীৰ তেজস্বিতা বৰুৱাৰ নামত এখন নাৰ্চিংহোম খোলাৰ বাবে মাটি দান কৰিবলৈ সাজু হৈছে।

গোৱিন্দ খাউণ্ডে সংবাদ মাধ্য়মৰ আগত কয় যে, তেজস্বিতাৰ নামত যদি কোনো ব্য়ক্তি অথবা স্বেচ্ছাসেৱী অনুষ্ঠানে নাৰ্চিংহোম খুলিব বিচাৰে তাৰ বাবে তেওঁ মাটি দান কৰিব। গোবিন্দ খাউণ্ডে তেজস্বিতাৰ নামত মাজুলীৰ ভকতি দুৱাৰ গাঁৱৰ মাটিৰ পৰা প্ৰায় এবিঘা মাটি স্ব-ইচ্ছাই দান কৰিব বুলিওঁ তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। ১০ অক্টোবৰৰ পৰা মাজুলীত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে আৰম্ভ হব গণস্বাক্ষৰ অভিযান আৰু এই অভিযান সমগ্ৰ মাজুলীতে চলিব। মাজুলীত নাৰ্চীংহোম খোলাৰ গোবিন্দ খাউণ্ডৰ সপোন বাস্তৱ হ’ব নে, এই কথা বিগত বছৰবোৰত ৰাইজৰ আগত ওলাই পৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *