উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা: বিল পাছ কৰোতে ৰাজ্যপালে প্ৰকাশ কৰিব নোৱাৰিব অসন্তুষ্টি

Share
গুৱাহাটী,২৫ জানুৱাৰী:শেহতীয়াকৈ দিল্লী চৰকাৰ,তামিলনাডু চৰকাৰ আৰু পঞ্জাৱ চৰকাৰৰ মাজত সংঘতিত হোৱা বিভিন্ন সংঘাতৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠতে ৰাজ্যপালক বিল সমূহৰ ওপৰত ক্ষীপ্ৰ সিদ্ধান্ত ল’বলৈ আহ্বান জনাইছে । ইয়াৰোপৰি বিচাৰপীঠে ষ্পষ্টকৈ জনাইছে যে ৰাজ্যপাল নিৰ্বাচিত প্ৰতিনিধি নহয়,গতিকে ৰাজ্যপালজনে চৰকাৰী আইন-প্ৰণয়নত বাধা দিয়াৰ সাংবিধানিক ক্ষমতা লাভ নকৰে । সেয়ে বিল পাছ কৰাৰ সিদ্ধান্ত নিৰ্ধাৰণ কৰিব চৰকাৰে । সংবিধানৰ ২০০ নং অনুচ্ছেদ অনুসৰি কোনো বিল ৰাজ্যপাললৈ আহিলে‌ ৰাজ্যপালে তাৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰে । 

Leave a Reply

Your email address will not be published. Required fields are marked *