আধাৰ কাৰ্ড সন্দৰ্ভত চৰকাৰৰ জৰুৰী নিৰ্দেশনা

Share
দেশৰ কোটি কোটি আধাৰ কাৰ্ডৰ গৰাকীলৈ এক জৰুৰী খবৰ বহন কৰিছে কেন্দ্ৰীয় চৰকাৰে। আধাৰ কাৰ্ডক লৈ কেইবাটাও নীতি-নিয়ম বান্ধি দিছে চৰকাৰে। যদি উপযুক্ত সময়ত এই নীতি নিৰ্দেশনা মানি চলা নহয় তেন্তে বন্ধ হৈ পৰিব লাখ লাখ জনতাৰ আধাৰ কাৰ্ড। 
আধাৰ কাৰ্ড আপডেটৰ বাবে লাখ লাখ সাধাৰণ জনতালৈ বিশেষ সুবিধা প্ৰেৰণ কৰিছে চৰকাৰে লগতে বৃদ্ধি কৰিছে আধাৰ কাৰ্ড আপডেটৰ সময়সীমাও । আনহাতে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ১০ বছৰ পুৰণি সকলো আধাৰ কাৰ্ড আপডেট কৰিব লাগিব বুলি এক নিৰ্দেশনা প্ৰেৰণ কৰা হয়। 
উল্লেখযোগ্য যে পূৰ্বে ১৪ মেলৈকে আপডেটৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছিল চৰকাৰে কিন্তু বৰ্তমান মূহুৰ্তত ১৪ জুন অৰ্থাত ১ মাহলৈ বৃদ্ধি কৰিলে এই সময়সীমা। সম্পূৰ্ণ বিনামূলীয়াকৈ আধাৰ কাৰ্ডৰ তথ্য আপডেট কৰিব পাৰিব জনতাই। my Aadhaar পৰ্টেলত বিনামূলীয়াকৈ আপডেট কৰিব পাৰিব সকলো আধাৰ কাৰ্ডৰ গৰাকীয়ে।  

Leave a Reply

Your email address will not be published. Required fields are marked *