শাৰদীয় দুৰ্গাপূজালৈ মাজত মাত্ৰ কেইটামান দিন প্ৰতিখন দুগোৎসৱ কমিটী এতিয়া ব্যস্ত হৈ পৰিছে প্ৰস্তুতি চলোৱাত। দুৰ্গাপূজাৰ পূৰ্বে প্ৰশাসনে জাৰি কৰিছে SOP প্ৰতিখন পূজা কমিটীয়ে পালন কৰিব লাগিব এই সুৰক্ষা-নিৰাপত্তাৰ নিৰ্দেশনাৱলী সমূহ। জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাৱলী অনুসৰি লাউড স্পীকাৰ ব্যৱহাৰ আৰু শব্দ প্ৰদূষণ সম্পৰ্কীয় নিয়ম-নীতি মানি চলিব লাগিব। নিশা ১০ বজাৰ পাছত লাউড স্পীকাৰ ব্যৱহাৰত আৰোপ কৰা হৈছে নিষেধাজ্ঞা। অস্থায়ী ভাৱে নিৰ্মাণ কৰা পুজা মণ্ডপত বৈদ্যুতিক সা-সৰঞ্জাম আদিৰ পৰা সকলো ভক্তপ্ৰাণ ৰাইজৰ সম্পুৰ্ণ সুৰক্ষা নিশ্চত কৰিব লাগিব পূজা সমিতিয়ে। দুৰ্গা পূজা শান্তিপূৰ্ণ ভাৱে পালন কৰিব বাবে সুৰক্ষা আৰু নিৰাপত্তাৰ সন্দৰ্ভত থকা সকলো নিৰ্দেশনা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত প্ৰশাসনৰ সৈতে সহযোগীতা আগবঢ়াবলৈও আহ্বান জনায়। পূজা কমিটীৰ বিষয়ববীয়া তথা স্বেচ্ছাসেৱকৰ তালিকা জমা দিব লাগিব থানাত। পূজাস্থলীত মাদকদ্ৰব্য আৰু নিচা জাতীয় দ্ৰব্য নিষিদ্ধ কৰাৰো নিৰ্দেশনা। লগতে পূজা মণ্ডপৰ আশে-পাশে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা ৰাখিব লাগিব।ৰাজহুৱা পথৰ ওপৰতো পূজা পেণ্ডেল সাজিব নোৱাৰিব। প্ৰতিমা বিসৰ্জনৰ শোভাযাত্ৰাৰ সময়ত কোনো ধৰণৰ ফটকা ফুটাৱ নোৱাৰিব।