দুৰ্গাপূজা সমিতিক চৰকাৰৰ চেক প্ৰদান

Share

দুৰ্গা পূজা সমিতিক লৈ চৰকাৰী সাহায্য হিচাপে এইবাৰ ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰাৰ কথা মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাচতেই সেই মতে কাম কৰিলে চৰকাৰ খনে। ৰাজ্যৰ বিভিন্ন দুৰ্গা পূজা সমিতিক প্ৰদান কৰা হয় চেক।যি সময়ত বিৰোধীয়ে চৰকাৰখনক ঋন লৈ চৰকাৰ চলোৱা বুলি সমালোচনা কৰি আছে সেই সময়তে কামৰূপ জিলাৰ ৮৫ খন দুৰ্গা পূজা সমিতিক চৰকাৰ ফালৰ পৰা চেক প্ৰদান কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত ভূগু কুমাৰ ফুকন ৰাজহুৱা প্ৰেক্ষগৃহত প্ৰদান কৰে এই চেক। পাটোৱাৰীয়ে মন্তব্য কৰি কয় যে- ”বিৰোধীয়ে কি কৈছে সেয়া আমাৰ জানিবলৈ দৰকাৰ নাই,আ‌মাৰ হাতত ধন আছে আমি অনুদান দিছো।ঋনৰ ধনৰে ৰাজ্য চলোৱা বুলি বিৰোধীতা কৰা সমালোচনা যুক্তিহীন।”

Leave a Reply

Your email address will not be published. Required fields are marked *