চৰকাৰী সাহাৰ্য্য বিহু উদ্‌যাপন সমিটিলৈ: লাভ কৰিলে ডেৰ লাখ টকা

Share

গুৱাহাটী,৫ এপ্ৰিল: সাত বিহুৰ ভিতৰত অনুষ্ঠিত হোৱা ৰাজ্যৰ ১০ বছৰ পুৰণি বিহু উদযাপন সন্মিলনীসমূহক সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ডেৰ লাখ টকাকৈ সাহায্য প্ৰদান কৰি  মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে বিহুত পাৱাৰ লুমৰ গামোছা কোনেও ব্যৱহাৰ কৰিব নোৱাৰিব ৷

আনহাতে বাপতিসাহোন বিহুটিৰ তাৎপৰ্য উভতাই অনাৰ অৰ্থে সমিতিসমূহে মিঠাই বা অইন বস্তুৰ পৰিৱৰ্তে অতিথি আপ্যায়নত লাড়ু-পিঠাৰ ব্যৱস্থা লাগিব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে।

তাৰোপৰি বিহু পতাৰ এমাহ আগৰ পৰা এটা হুচৰি দল গঠনৰ লগতে প্ৰতিখন বিহু সন্মিলনীত এটাকৈ বিহু দল গঠনৰ আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে।

লগতে বিমল বড়ায়ো এই সাত বিহুৰ এই উক্ত দিনকেইটাতে সকলোকে বিহু অনুষ্ঠানসমূহ অনুষ্ঠিত কৰিবলৈ আহ্বান জনাই যিহেতু সাত বিহুৰ অন্তত আয়োজন কৰা অনুষ্ঠান বিহু নহয় সাংস্কৃতিক অনুষ্ঠান হে হয় বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷

উল্লেখ্য যে গুৱাহাটী বিহু সন্মিলনী, পূব গুৱাহাটী বিহু সন্মিলনী, চান্দমাৰী, পশ্চিম গুৱাহাটী বিহু সন্মিলনী, বাইহাটাটা চাৰিআলি কেন্দ্ৰীয় বিহু সন্মিলনী, ভূৰাপাৰা ৰঙালী বিহু উদ্‌যাপন সমিতিয়ে গ্ৰহণ কৰিলে চেক। 

Leave a Reply

Your email address will not be published. Required fields are marked *