অপেক্ষাৰ অন্ত পৰিব। আগন্তুক বৰ্ষৰ আৰম্ভণিতে ভক্তৰ বাবে মুকলি কৰাৰ কৰা হ’ব ৰামৰ জন্মভূমি অয্যোধাৰ নৱনিৰ্মিত ৰাম মন্দিৰ। অৱশেষত ভক্তপ্ৰাণ লোকসকলৰ ধূপ-ধূনা,শৰাই-নৈবদ্যৰ বাবে সাজু ৰাম মন্দিৰ।
২১ জুন, বুধবাৰে ৰাম মন্দিৰ পৰিচালনা সমিতিৰ এগৰাকী ব্যক্তিয়ে সংবাদ মাধ্যমৰ সন্মুখত এই কথা সদৰি কৰে। তেওঁ উল্লেখ কৰে যে, ২০২৪ চনৰ ২৪ জানুৱাৰীৰ ভিতৰত সমূহ ভক্তৰ বাবে ৰাম মন্দিৰ মুকলি কৰিব পৰা যাব।
অহা বছৰৰ ১৪ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈকে ১০ দিনীয়া এক অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। লগতে তেওঁ সদৰি কৰে যে, নৱনিৰ্মিত তিনিমহলীয়া ৰাম মন্দিৰৰ ভূ-মহলাৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। এইক্ষেত্ৰত ৰাম মন্দিৰ ন্যাসে সিদ্ধান্ত লৈছে যে, ১৪ জানুৱাৰীৰ মকৰ সংক্ৰান্তিৰ পিছতেই মন্দিৰ ভাগ মুকলি কৰাৰ বাবে চিন্তা-চৰ্চা চলাই থকা হৈছে।