সুখবৰ ! এতিয়া কেৱল ১৯ টকাতে এমাহলৈ সক্ৰিয় হৈ থাকিব আপোনাৰ চিমকাৰ্ড ! এই টেলীকম কোম্পানীয়ে কৰিলে ঘোষণা

Share

চিমকাৰ্ড ব্য়ৱহাৰকাৰীসকললৈ আহিল অন্য় এক সুখবৰ । কিয়নো এতিয়াৰে পৰা আপুনি বছৰি মাত্ৰ ২২৮ টকা খৰচ কৰি আপোনাৰ চিমকাৰ্ড সক্ৰিয় কৰি ৰাখিব পাৰিব । অৰ্থাত্ আপুনি এমাহত মাত্ৰ ১৯ টকাৰ ৰিচাৰ্জ কৰিব লাগিব । কিয়নো , যোৱাবছৰ টেলিকম কোম্পানীবোৰে পৰিকল্পনাবোৰ ব্য়য়বহুল কৰিছিল । অৰ্থাত্ প্ৰত্য়েক চিমকাৰ্ডৰে  ৰিচাৰ্জৰ পৰিমাণ বৃদ্ধি কৰা  পৰিলক্ষিত হৈছিল । যাৰ বাবে  চিমসমূহ সক্ৰিয় কৰি ৰখাটোও গ্ৰাহকসকলৰ বাবে ব্য়য়বহুল হৈ পৰিছিল । কিন্তু , এতিয়াৰে পৰা মোবাইল নম্বৰটো সক্ৰিয় কৰি ৰাখিবলৈ প্ৰতিমাহে কেৱল ১৯ টকাৰ ৰিচাৰ্জ কৰিলেই হ’ব । কিয়নো ,BSNL য়ে ১৯ টকাৰ নতুন ৰিচাৰ্জ ইতিমধ্য়ে মুকলি কৰিছে  গ্ৰাহকসকলৰ বাবে । যদিও অন্য় চিম জিঅ’, এয়াৰটেল , ভোডাফোন আৰু আইডিয়া আদি সক্ৰিয় কৰি ৰখা আটাইতকৈ সস্তা পৰিসৰৰ মূল্য় ৫০ টকাৰ পৰা  আৰম্ভ হৈ ১২০ টকা পযৰ্ন্ত ।

অৱশ্য়ে , এনে পৰিকল্পনাবোৰ  4G নেটৱৰ্ক সংযোগৰ সৈতে আহে । যিহেতু BSNL য়ে 3G সংযোগ আগবঢ়ায় । আনহাতে , প্ৰতিবেদন অনুসৰি , BSNL ৰ 4G  নেটৱৰ্ক ভাৰতত মুকলি কৰি দিয়া হ’ব ১৫ আগষ্টৰ দিনা । কিন্তু , যদি আপুনি কেৱল নম্বৰটো সক্ৰিয় কৰি ৰাখিব লাগে তেন্তে ১৯ টকাৰ ৰিচাৰ্জ সৰ্বশ্ৰেষ্ঠ । কিয়নো BSNL ৰ সস্তা পৰিকল্পনাত আপুনি  প্ৰতিদিনে 3GB  ডাটা , সীমাহীন কল আৰু ১০০ টাকৈ এছ এম এছ লাভ কৰিব ।  তদুপৰি , এই  কোম্পানীটোৱে পৰিকল্পনাটোৰ নাম দিছে Voice Rate Cutter -19 । এই  ৰিচাৰ্জত , অন-নেট আৰু অফ-নেট কলৰ হাৰ প্ৰতি মিনিটত ২০ পইচা হয় । বৈধতাৰ সময়সীমা  ৩০ দিনলৈ । 

Leave a Reply

Your email address will not be published. Required fields are marked *