গুৱাহাটী,১ ছেপ্তেম্বৰঃ ১ ছেপ্টেম্বৰৰ পৰা এল.পি.জি চিলিণ্ডাৰৰ মূল্য ১০০ টকা হ্ৰাস কৰা হৈছে কেৱল বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰতহে। কিন্তু ঘৰুৱা এলপিজি ১৪.২ কিলোগ্ৰাম পূৰ্বৰ দামতে বিক্ৰীত ৰূপে আছে।
উল্লেখ্য যে, আজিৰ পৰা দিল্লীত ইণ্ডিয়ান গেছৰ ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৯১.৫০ টকা, চেন্নাইত ৯৬ টকা আৰু কলকাতাত ১০০ টকা, মুম্বাইত ৯২.৫০ টকালৈ হ্ৰাস পাইছে। এনেদৰে দেশৰ কেইবাখনো ৰাজ্যত প্ৰায় মূল্য হ্ৰাস হৈছে গেছ চিলিণ্ডাৰৰ ।
তদুপৰি ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্যৰ কোনো ধৰণৰ পৰা হ্ৰাস বা বৃদ্ধি পোৱা নাই। এটা মূল্যতে বিক্ৰী হৈ আছে ৬ জুলাইৰ পৰা ঘৰুৱা ছিলিণ্ডাৰ ।