কম- বেছি –পৰিমাণে আমি সকলোৱে গান গাই ভাল পাওঁ ।আমাৰ মাজত এনে বহু প্ৰতিভাৰ গৰাকী থাকে যিয়ে হয়তো নিজৰ প্ৰতিভা বিকাশৰ বাবে এখন বিশেষ মঞ্চ নাপায় ।যাৰ ফলত বহু প্ৰতিভাৱান ব্যক্তিৰ প্ৰতিভা নিজৰ মাজতে সুপ্ত হৈ ৰয় । কিন্তু নিজৰ কন্ঠক এইবাৰ সুকীয়া মাত্ৰা প্ৰদানৰ বাবে ছ’নি টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ইণ্ডয়ান আইডলে লৈ আহিছে আপোনাৰ বাবে এক সুবৰ্ণ সুযোগ । ভাৰতীয় দূৰদৰ্শনত ছ’নি এন্টাৰটেইনমেন্ট টেলিভিছনৰ ইণ্ডিয়ান আইডল হৈছে আটাইতকৈ সন্মানীয়, এক অন্যতম আৰু জনপ্ৰিয় ৰিয়েলিটি শ্ব’ । যিয়ে ৰাষ্ট্ৰীয় মঞ্চত বহুতো উচ্চকাংক্ষী গায়কক এক বিশেষ মঞ্চ প্ৰদান কৰি আহিছে ।
২০০৪ চনতে প্ৰিমিয়াৰ হোৱা অনুষ্ঠানটোৱে ছলমান আলী , ছানী হিন্দুস্তানী আৰু শেহতীয়াভাৱে বিজয়ী হোৱা পৱনদ্বীপ ৰাজনৰ দৰে বিস্ময়কৰ আৰু আকৰ্ষণীয় কণ্ঠ উপহাৰ দিছে দেশবাসীক। যাৰ সুমধুৰ কণ্ঠত মনমুগ্ধ হৈ পৰিছিল দেশবাসী ।পিছে এইবাৰ ইণ্ডিয়ান আইডলৰ অডিচন হ’ব ১২ জুলাইৰ দিনা গুৱাহাটীত । গুৱাহাটীত পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হ’ব ডন বস্কো ইনষ্টিটিউট আৰু খাৰঘুলীত । আপুনিও যদি অংশগ্ৰহণ কৰিম বুলি ভাবিছে তেন্তে সকলো উদ্যমী , উৎসাহী আৰু প্ৰতিভাশালী গায়কসকলক আপোনাৰ নিকটতম কেন্দ্ৰত আপোনাৰ শ্বত দিবলৈ আহ্বান জনাইছে ।