ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুখবৰ!

Share

ৰাজ্যৰ মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে আয়ৰ প্ৰমাণ-পত্ৰৰ পৰিৱৰ্তে এতিয়াৰে পৰা ৰেচন কাৰ্ড দেখুৱালেই মহাবিদ্যালয়ত কৰিব পাৰিব নামভৰ্তি। প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলে ৰেচন কাৰ্ডৰ জৰিয়তে কৰিব পাৰিব নামভর্তি। সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। বহু ক্ষেত্ৰত আয়ৰ প্ৰমাণ-পত্ৰ লাভৰ বাবে যথেষ্ট অসুবিধাত পৰিছিল শিক্ষাৰ্থীসকল। মহাবিদ্যালয়সমূহত সময় অনুসৰি আয়ৰ প্ৰমাণ-পত্ৰ দাখিল কৰিব নোৱাৰাৰ বাবে নামভৰ্তিৰ পৰাও বঞ্চিত হৈছে বহু শিক্ষাৰ্থী। ইয়াক লৈয়ো বহু অনিয়ম সংঘটিত ঘটাৰ অভিযোগো উত্থাপন হোৱা পৰিলক্ষিত হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন সমস্যাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সযোগে কয় যে,অসম চৰকাৰৰ প্রজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয় পর্যায়ত বিনামূলীয়া নামভর্তিৰ সুবিধা লাভ কৰিবৰ বাবে যিসকল ছাত্র-ছাত্রীয়ে তেওঁলোকৰ পিতৃ-মাতৃৰ আয়ৰ প্ৰমাণ-পত্ৰ দাখিল কৰিব পৰা নাই, তেওঁলোকৰ ক্ষেত্রত আয়ৰ প্ৰমাণ-পত্ৰৰ পৰিৱর্তে পৰিয়ালৰ ৰেচন কার্ডখন গ্রহণ কৰিবৰ বাবে মহাবিদ্যালয় কর্তৃপক্ষক নির্দেশ দিয়া হৈছে।

উল্লেখ্য যে, প্রজ্ঞান ভাৰতী আঁচনিৰ অধীনত মাচুল ৰেহাই আঁচনিৰ বিষয়ে আলোচনা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে অনুষ্ঠিত হৈছিল এক বৈঠক। উক্ত বৈঠকতে আয়ৰ প্ৰমাণ-পত্ৰৰ পৰিৱর্তে পৰিয়ালৰ ৰেচন কার্ডখন গ্রহণ কৰিবৰ বাবে নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *