কলিয়াবৰবাসীৰ বাবে সু-খবৰ

Share

নিউজ ডেস্কঃ কলিয়াবৰবাসীৰ বাবে সু-খবৰ। ৰাজ্যৰ একমাত্ৰ মৰাপাট উদ্যোগ,অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিটৰ উৎপাদন প্ৰক্ৰিয়া শীঘ্ৰেই আৰম্ভ হ’ব। উল্লেখ্য যে দ্বিতীয়টো ইউনিটৰ যন্ত্ৰ-পাতি সমূহ ইতিমধ্যে সংস্থাপন কৰা হৈছে। দৈনিক ১৮ টনকৈ উৎপাদনক্ষমৰ হয় সংস্থাপন কৰা যন্ত্ৰপাতিবোৰ। এই মৰাপাট কলৰ দ্বিতীয়তো ইউনিটত প্ৰায় ৪০০ ৰ পৰা ৪৫০ গৰাকী নতুন শ্ৰমিক নিয়োগ কৰা হ’ব। ইয়াৰ ভিতৰত ৩০ শতাংশ মহিলা কৰ্মচাৰী নিয়োগ কৰা হ’ব।

উল্লেখ্য যে,  মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপত এই সংযোজন সম্ভৱ হৈ পৰিছে। পূৰ্ৱতে তেওঁ বিত্ত মন্ত্ৰী হৈ থকা সময়ত প্ৰায় ১০ কোটি টকাৰ আৰ্থিক সাহাৰ্য্য আগবঢ়াইছিল। লগতে ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় সমবায় বিকাশ নিগমৰ জৰিয়তে প্ৰায় ৪৪ কোটি টকা এই মিলটোলৈ আগবঢ়াইছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *