ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে বানত ঘৰ ক্ষতিগ্ৰস্তসকলে এইবাৰ একেদিনাই লাভ কৰিব বান সাহায্য। দিছপুৰ কেবিনেটত বানত ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য বিতৰণৰ বাবে মুঠ ১২৩.৬৯ কোটি টকাৰ অনুমোদন জনাইছে। মণিপুৰৰ ভূমিস্খলনত নিহত, আহত আৰু নিখোজসকলেও লাভ কৰিব এই সাহায্য। ইয়াৰ পূৰ্বে বানাক্ৰান্ত পৰিয়ালৰ ঘৰ বানপানীয়ে ক্ষতিগ্ৰস্ত কৰাৰ পাছতো সাহায্য লাভ কৰা নাছিল।
দিছপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটত অহা ২০ আগষ্টত একেদিনাই সাহায্য বিতৰণ কৰাৰ সিদ্ধান্ত সদৰী কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়- মুখ্যমন্ত্ৰীয়ে বান সাহায্য বিতৰণ কাৰ্যসূচী উদ্বোধন কৰাৰ পাছতে জিলাসমূহৰ দায়িত্বত থকা মন্ত্ৰীসকলে নিজৰ নিজৰ জিলাত সাহায্য বিতৰণ কৰিব লাগিব। হিতাধীকাৰিয়ে বেংকৰ একাউন্টত লাভ কৰিব ধন।
মন্ত্ৰী বৰুৱাই কয় যে- মণিপুৰৰ টুপুল হোৱা ভূমিস্খলনত মৃত্যু হোৱা মৰিগাওঁ জিলাকে ধৰি আন স্থানৰ ১৯ জনৰ লগতে সন্ধান হীন হৈ থকা মুঠ ২০ জনৰ পৰিয়াললৈ ২ লাখকৈ আৰু আহত ৫ জনক ২৫ হাজাৰকৈ টকাৰ এককালীন সাহায্য দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তেওঁ কয় যে এই সাহায্য মন্ত্ৰীসকলে ঘৰে ঘৰে গৈ প্ৰদান কৰিব লাগিব।