গ্ৰাহকলৈ সুখবৰ, পুনৰ হ্ৰাস পালে সোণৰ দাম !

Share

নিউজ ডেস্ক, যদি আপুনি সোণ কিনিব বিচাৰে তেন্তে আপোনাৰ বাবে আছে এটা ভাল খবৰ। বৃহস্পতিবাৰে ভাৰতীয় বুলিয়ন বজাৰত সোণ আৰু ৰূপৰ দাম হ্ৰাস পাইছে। দহ গ্ৰাম সোণত বৰ্তমান ৫০,৭২৩ টকা হৈছে । এক কিলোগ্ৰাম ৰূপৰ অলংকাৰৰ মূল্যও হ্ৰাস পাইছে আৰু বৰ্তমান ইয়াৰ মূল্য ৫২,৫১৯ টকাত বিক্ৰী কৰা হৈছে। এইছডিএফচি চিকিউৰিটিজে প্ৰদান কৰিছে এই তথ্য।

তদুপৰি আপুনি ঘৰতে বহি সোণৰ দাম সহজে জানিব পাৰে। 8955664433 উক্ত নম্বৰটোত এটা মিছকল দিব লাগিব আৰু আপোনাৰ ফোনত এটা বাৰ্তা ওলাব য’ত আপুনি শেহতীয়া হাৰবোৰ পৰীক্ষা কৰিব পাৰে।  সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিবলৈ চৰকাৰে এটা এপ সৃষ্টি কৰিছে। বি আই এছ কেয়াৰ এপৰ পৰা গ্ৰাহক সকলে সোণৰ বিশুদ্ধতা কৰিব পাৰে।  তথা ইয়াৰ সৈতে সম্পৰ্কিত যিকোনো অভিযোগো কৰিব পাৰে। 

Leave a Reply

Your email address will not be published. Required fields are marked *