খেল অনুৰাগীসকললৈ সুখবৰ,সুদীৰ্ঘ বিৰতিৰ অন্তত গুৱাহাটীত অনুষ্ঠিত হব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট

Share

ডিজিটেল ডেস্কঃ গুৱাহাটীত পুনৰ অনুষ্ঠিত হব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল।বৰ্ষাপাৰালৈ আকৌ উভতি আহিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল। এইবাৰ অসমৰ মাটিত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে যুঁজ দিব ভাৰতীয় দলে। ১ অক্টোৱৰত বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ টি-২০ খেল। প্ৰায় ২বছৰ ৯ মাহৰ বিৰতিৰ পাছত অসম ক্ৰিকেট সংস্থাক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ আয়োজক হোৱাৰ সুযোগ দিছে বিচিচিআইয়ে।তিনিদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেল অনুষ্ঠিত হব গুৱাহাটীত। অক্টোৱৰত অনুষ্ঠিত হব টি-২০ বিশ্বকাপ। এই বিশ্বকাপৰ পূৰ্বেই দুয়োদলৰ খেলুৱৈৰ বাবে এই শৃংখলা হব অতি গুৰুত্বপূৰ্ণ।

লক্ষ্যণীয় বিষয়টো হল যে ২০২০ চনৰ ৫ জানুৱাৰীত শেষৰবাৰৰ বাবে গুৱাহাটী বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল।সুদীৰ্ঘ বিৰতিৰ অন্তত অক্টোবৰত  গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হব ভাৰত আৰু দক্ষিন আফ্ৰিকাৰ মাজত টি-২০ খেল। 

Leave a Reply

Your email address will not be published. Required fields are marked *