তীব্ৰ যানজঁটত জুৰুলা হোৱা গুৱাহাটীবাসীৰ বাবে ভাল খবৰ

Share
গুৱাহাটীবাসীৰ বাবে সুখবৰ, সুখবৰটি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অহা ৩০ আগষ্টত ৰাখি পূৰ্ণিমাৰ দিনা মুকলি কৰা হʼব মালিগাঁৱৰ উৰণীয়া সেঁতু। নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ উৰণ সেঁতুখনত এতিয়া অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰিছে শ্ৰমিক তথা শিল্পী সকল। দিনে নিশাই এই উৰণ সেঁতুখনৰ খুটাৰ লগতে ওপৰতো শিল্পকলাৰে সজাই তুলিবলৈ ব্যস্ত হৈ পৰিছে শিল্পী সকলে।
মালিগাঁৱৰ চাৰিআলি পৰা কামাখ্য পথৰ ত্ৰিসংযোগ আৰু পাণ্ডু অভিমুখে সংযোগ কৰা ২.৬ কিঃমিঃ দৈৰ্ঘ্যৰ ৪ লেনযুক্ত এই উৰণ সেঁতুখন ৰাখি পূৰ্ণিমাৰ দিনা মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।  
উল্লেখ্য যে, ৪২০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই উৰণ সেঁতুখন। এই ফ্লাইঅভাৰ খন মুকলি হোৱাৰ পিছত গুৱাহাটী মহানগৰীৰ যানজঁটৰ সমস্যা ভালেখিনিমান সমাধান হ’ব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *