টি-২০ ক্ৰিকেট মেচলৈ মাজত মাথো কেইটামান দিন।দীৰ্ঘ সময়জোৰা অপেক্ষাৰ অন্ত পৰিব ক্ৰিকেটপ্ৰেমীসকলৰ।কিয়েনো এইবাৰ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ২ অক্টোবৰত অনুষ্ঠিত হ’ব টি-২০ ক্ৰিকেট।২ অক্টোবৰত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত।ইতিমধ্যে, হাইভল্টেজ খেলখনৰ বাবে টিকটৰ নিৰিখ নিৰ্ধাৰণ কৰিছে অসম ক্ৰিকেট সন্থাই।অনলাইন যোগে আজিৰে পৰা আৰম্ভ হৈছে টিকটৰ বিক্ৰী।খেলখনৰ বাবে ইতিমধ্যে বিচিচি আইয়ে ঘোষণা কৰিলে ভাৰতীয় দল।
ভাৰতীয় দলটোত আছে ৰোহিত শৰ্মা (অধিনায়ক), কে এল ৰাহুল, বিৰাট কোহলী,দীপক হুদা,ঋষভ পন্ট, সূৰ্য কুমাৰ যাদৱ,দীনেশ কাৰ্তিক, অশ্বিন,য়ুজবেন্দ্ৰ চহল,অক্ষৰ পেটেল,আৰ সিং মহম্মদ ছামি, দীপক চহৰ,হাৰ্চেল পেটেল আৰু যশপ্ৰীত বুমৰাহ।উল্লেখযোগ্য যে, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন টি-২০ মেটছ খেলিব ভাৰতে।প্ৰথমখন খেল খেলিব থিৰুৱন্তপুৰমত তাৰ পাছত গুৱাহাটী আৰু শেষৰখন খেলিব ইণ্ডোৰত।গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া খেলখন অতিথি হিচাপে আহিব শচীন তেণ্ডুলকাৰ আৰু মহেন্দ্ৰ সিং ধোনী।তদুপৰি ১ অক্টোবৰত বিচিচি আইৰ মুৰব্বী হিচাপে গুৱাহাটীলৈ আহিব সৌৰভ গাংগুলী ।গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত থাকিব সকলো তাৰকা ক্ৰিকেটাৰ।প্ৰায় আঢ়ৈ বছৰৰ মূৰত গুৱাহাটীত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচখনলৈ আশাবাদী অসমৰ ক্ৰিকেটপ্ৰেমী ৰাইজ।