ডিজিটেল ডেস্কঃ চলিত মাহতে এয়াৰটেলে মুকলি কৰিব 5জি সেৱা। এই মাহতে কেইবাখনো চহৰত আৰম্ভ হ’ব এয়াৰটেলৰ 5জি সেৱা। ইতিমধ্যে 5জি সেৱা মুকলি কৰাৰ কথা ঘোষনা কৰিছে এয়াৰটেলে। প্ৰথমতে সমগ্ৰ দেশত এই সেৱা উপলব্ধ নহব বুলি ঘোষনা কৰিছে এয়াৰটেলে। প্ৰথমতে ভাৰতৰ ১৩ খনকৈ চহৰত এয়াৰটেলে মুকলি কৰিব 5জি সেৱা।
উল্লেখ্য যে ২০২৪ চনৰ ভিতৰত সমগ্ৰ দেশতে 5জি সেৱা প্ৰদান কৰাৰ লক্ষ্য কৰিছে এয়াৰটেলে। প্ৰথমতে দিল্লী, গান্ধীনগৰ, বাংগালুৰু, চণ্ডীগড়, গুৰুগ্ৰাম, হাইদৰাবাদ, জমন নগৰ, আহমেদাবাদ, চেন্নাই, কলকাতা, লক্ষ্মৌ, মুম্বাই, পুনেত এয়াৰটেলে মুকলি কৰিব 5জি সেৱা। উল্লেখ্য যে 4জি প্লানতকৈ 5জি প্লানৰ মূল্য অধিক হব বুলি উল্লেখ কৰিছে এয়াৰটেলে। লগতে, ভাৰতত 5 জি সেৱাৰ মূল্য ৫০০ টকাৰ পৰা আৰম্ভ হব বুলি ঘোষণা কৰিছে এয়াৰটেলে।