২০২৪ চনৰ সন্মানীয় গ্লোবেল ইণ্ডিয়ান বঁটা আগবঢ়োৱা হৈছে ঈশা ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক সদগুৰুলৈ।কানাডা ইণ্ডিয়া ফাউণ্ডেচন আগবঢ়াইছে এই বঁটা।
কানাডা ইণ্ডিয়া ফাউণ্ডেচনে প্ৰতিবছৰে এই বঁটা প্ৰদান কৰি আহিছে। ভাৰতীয় তথা ভাৰতীয় মূলৰ ব্যক্তিয়ে বিশ্বত এক সুকীয়া স্থান দখল কৰাৰ লগতে ভাৰতক গৌৰৱান্বিত কৰি আহিছে সেইসকল নিৰ্বাচিত ব্যক্তিক প্ৰতিবছৰে কানাডা ফাউণ্ডেচনে এই বঁটাৰে সন্মানিত কৰি আহিছে। সদগুৰুক তেওঁৰ পৰিবেশে সৃষ্টি কৰি অহা প্ৰত্যাহ্বানৰ বিৰুদ্ধে কৰি অহা কামকাজৰ বাবে এই বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে।এই প্ৰত্যাহ্বানৰ লগত মোকাবিলা কৰাৰ লগতে মানৱ চেতনাৰ উন্নতিৰ বাবে তেওঁ বিশ্বজুৰি জনমত গঠন কৰিবলৈ চেষ্টা কৰি আহিছে।
উল্লেখযোগ্য যে এই ইনষ্টিটিউটে ভাৰতৰ নদীসমূহ পুৰুজ্জীৱিত কৰাৰ বাবে কাম কৰি আছে। তাৰোপৰি তেওঁ ২৪২ কোটি গছ পুলি ৰোপণ কৰিব বুলিও উল্লেখ কৰিছে।সদগুৰুৱে বঁটাৰ সৈতে লাভ কৰা ৫০ হাজাৰ কানাডিয়ান ডলাৰ কাবেৰী কলিং ইনষ্টিটিউটক প্ৰদান কৰিব বুলি জনাইছে।কানাডা ফাউণ্ডেচনৰ এই বঁটা গ্ৰহণ কৰিব বুলি উল্লেখ কৰি সদগুৰুৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বঁটা গ্ৰহণৰ বাবে তেওঁ টৰণ্টোত উপস্থিত হ’ব। এই বঁটাৰ বাবে তেওঁক নিৰ্বাচিত কৰাৰ বাবে ধন্যবাদো জনাইছে।