নিউজ ডেস্কঃ দেওবাৰে জম্মুৰ এক ৰেলীত গোলাম নবী আজাদে অংশগ্ৰহণ কৰি তেওঁৰ নতুন ৰাজনৈতিক দল গঠন কৰাৰ সম্ভাৱনা আছে। জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিল যে, তেওঁ শীঘ্ৰেই এটা নতুন দল আৰম্ভ কৰিব। প্ৰথমটো গোট জম্মু আৰু কাশ্মীৰৰ হ’ব য’ত পৰৱৰ্তী নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব।
উল্লেখ্য যে, গোলাম নবী আজাদে গান্ধী পৰিয়ালক লক্ষ্য কৰি কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছিল। ইয়াৰ পাছতেই জম্মু আৰু কাশ্মীৰ গোটৰ প্ৰায় ৬০ গৰাকী নেতাই কংগ্ৰেছ ত্যাগ কৰিছিল।