নিজে নিজৰ সৈতে কৰালে বিবাহ, টিভিৰ বিখ্যাত অভিনেত্ৰী কনিস্কা ছোনীয়ে ক’লে-‘মই এগৰাকী দেৱী,মোক পুৰুষৰ প্ৰয়োজন নাই

Share

ডিজিটেল ডেস্কঃ নিজে নিজৰ সৈতে বিবাহ।কিছুদিন পূৰ্বেই গুজৰাটৰ ক্ষমা বিন্দুৱে নিজে নিজৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা এই আশ্চৰ্য্যজনক ঘটনাটোৱে সকলোকে আচৰিত কৰি তোলাৰ লগতে সংবাদমাধ্যমৰ শিৰোনাম দখল কৰিছিল। পিছে তেনে এক ঘটনাৰ যেন পুনৰ পুনৰাবৃত্তি ঘটিল। এইবাৰ ব্যাপক চৰ্চাত মনোৰঞ্জন জগতৰ এগৰাকী অভিনেত্ৰী। নাম কনিস্কা ছোনী। নিজৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা বুলি সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে কনিস্কা ছোনীয়ে। ইনষ্টাগ্ৰামত নিজৰ একাউন্টৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে।

নিজে নিজৰ কপাঁলত সেঁন্দুৰৰ বোল আঁকি লোৱা ফটোও শ্বেয়াৰ কৰিছে সামাজিক মাধ্যমত।‘দিয়া ঔৰ বাতি হম’ ,’পৱিত্ৰ ঋষ্টা’, দেৱী আদি ‘পৰশক্তি’ আদি কেইবাখনো জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে। পিছে এতিয়া টিভি উদ্যোগ কৰি হলিউডত প্ৰৱেশৰ বাবে প্ৰস্তুতি চলাইছে কনিস্কা ছোনীয়ে। সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰি কনিস্কাই লিখিছিল যে-“মই নিজকে ভালপাওঁ।মোৰ সকলো সপোন মই পূৰণ কৰিছোঁ। নিজেই নিজকে বিয়া কৰাইছোঁ। গীটাৰ লৈ অকলশৰীয়া আৰু এনেকৈয়ে মই সুখী। মই এগৰাকী দেৱী লগতে শক্তিশালীও। শিৱ আৰু শক্তি দুয়োটাই মোৰ ভিতৰতে আছে। মোক পুৰুষৰ প্ৰয়োজন নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *